খুমটাই, 17 নৱেম্বৰঃ অসম চৰকাৰে MBBS আৰু BDSৰ বাবে ঘোষণা কৰা চাহ জনগোষ্ঠীৰ সংৰক্ষিত তালিকাত বিসংগতি ৷ এই অভিযোগ চাহ ও প্ৰাক্তন চাহ মজদুৰ কংগ্ৰেছৰ ৷ অসম চৰকাৰে চাহ জনগোষ্ঠীৰ ২১ গৰাকী শিক্ষাৰ্থীৰ বাবে MBBS আৰু BDSৰ আসন সংৰক্ষিত কৰিছিল যদিও তালিকাখনত কেইবা গৰাকীয়ো শিক্ষাৰ্থী চাহ জনগোষ্ঠীৰ নহয় বুলি দাবী কৰিছে সংগঠনটোৰ সভাপতি জিতেন কুৰ্মীয়ে ৷ চাহ জনগোষ্ঠীৰ শিক্ষাৰ্থীৰ বাবে সংৰক্ষিত তালিকাখনত কেইবাগৰাকীয়ো অনা চাহ জনগোষ্ঠীয় শিক্ষাৰ্থীৰ নাম অন্তৰ্ভুক্ত হৈ আছে ৷
MBBS আৰু BDSৰ তালিকাত চাহ জনগোষ্ঠীৰ সংৰক্ষিত আসনত বিসংগতি - চাহ ও প্ৰাক্তন চাহ মজদুৰ কংগ্ৰেছ
MBBS আৰু BDSৰ বাবে ঘোষণা কৰা চাহ জনগোষ্ঠীৰ সংৰক্ষিত তালিকাত বিসংগতি ৷ এই অভিযোগ উত্থাপিত কৰিছে চাহ ও প্ৰাক্তন চাহ মজদুৰ কংগ্ৰেছৰ সভাপতি জিতেন কুৰ্মীৰ ৷
ৰাজ্যৰ শিক্ষাবিভাগে চাহ জনগোষ্ঠীয় শিক্ষাৰ্থীৰ শিক্ষাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল যদিও বিভাগীয় কৰ্মচাৰীৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ সংগঠনটোৰ ৷ সেয়েহে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে এই সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ চাহ জনগোষ্ঠীৰ শিক্ষাৰ্থীসকলে যাতে সম্পূৰ্ণ সুবিধা লাভ কৰে তাৰ বাবে তদন্ত কৰিবলৈ আহ্বান জনায় জিতেন কুৰ্মীয়ে ৷ ইয়াৰ উপৰিও যিসকল অনা চাহ জনগোষ্ঠীয় শিক্ষাৰ্থীৰ নাম এই তালিকাত অন্তৰ্ভুক্ত হৈছে তেওঁলোকে চাহ জনগোষ্ঠীৰ প্ৰমাণ পত্ৰ কেনেদৰে সংগ্ৰহ কৰিলে তাৰ ওপৰতো তদন্ত কৰিবলৈ আহ্বান জনায় ৷
লগতে পঢ়ক-ৰঙাপৰাত যুৱতীৰ মৃতদেহ উদ্ধাৰঃ ধৰ্ষণ কৰি হত্যাৰ সন্দেহ