গোলাঘাট,3 মে’: যোৱাবেলিৰ লক ডাউনৰ সময়চোৱাত বৃহৎ লোকচানৰ মুখামুখি হৈছিল অসমৰ চাহ উদ্যোগ ৷ একেদৰেই এইবেলি আন এক সমস্যাৰ সমুখীন হৈছে ৰাজ্যৰ চাহ উদ্যোগতো ৷ বিগত প্ৰায় ডেৰমাহে খৰাং বতৰৰ বাবে সচৰাচৰ মাৰ্চ মাহত ওলোৱা তথা বজাৰত সৰ্বাধিক মূল্যত বিক্ৰী হোৱা উপযুক্ত পাতসমূহ এইবেলি পৰ্যাপ্ত পৰিমাণে উৎপাদন হোৱা নাই ৷ খৰাঙৰ প্ৰকোপত পাতৰ মানদণ্ড নিম্নগামী হোৱাৰ ফলত বজাৰ দখল কৰাত ব্যৰ্থ হৈছে ৰাজ্যৰ চাহ খেতিয়কসকল ৷ ইফালে, বৰষুণৰ অভাৱত বন্ধ হোৱাৰ উপক্ৰম হৈছে চাহ উদ্যোগৰ লগত জড়িত কলঘৰসমূহ ৷ মন কৰিবলগীয়া কথা যে, কোনো কোনো চাহ উৎপাদনকাৰী কলঘৰত প্ৰায় প্ৰত্যেক দিনাই প্ৰয়োজন হয় এক লাখ কেঁচা পাতৰ ৷ পিছে এইবেলি মাত্ৰ দুহেজাৰ চাহপাতেৰে কাম কৰিবলৈ বাধ্য হৈছে কলঘৰসমূহ ।
উল্লেখ্য যে, অসমত সৰ্বমুঠ 1200 টা কলঘৰ আছে ৷ সাম্প্ৰতিক পৰিস্থিতি ইমানেই জটিল হৈ পৰিছে যে পাতৰ অভাৱত 20 এপ্ৰিলৰ পৰা বন্ধ হৈ পৰি আছে ৰাজ্যৰ প্ৰায় পঞ্চাশ শতাংশ কলঘৰ ৷