অসম

assam

ETV Bharat / state

লক ডাউনৰ মাজতেই গোলাঘাটত শ্ৰমত নিয়োজিত চাহ বাগিচাৰ শ্ৰমিক

ৰাজ্য চৰকাৰে ক’ভিডৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে কেইবাখনো জিলাত সম্পূৰ্ণ লক ডাউনৰ লগতে ঠায়ে ঠায়ে কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে ৷ জন সমাগম নিয়ন্ত্ৰণৰ বাবে অযথা ঘৰৰ পৰা বাহিৰ ওলোৱা লোকৰ ক্ষেত্ৰত জৰিমণা বিহিছে প্ৰশাসনে ৷ কিন্তু ইয়াৰ বিপৰীত গোলাঘাটৰ উষা গৰঙা চাহ বাগিচাত পৰিলক্ষিত হৈছে এক ব্যতিক্ৰমী দৃশ্য ৷ লক ডাউনৰ মাজতেই বাগিচাখনৰ শ্ৰমিকসকলে পূৰ্বৰ দৰেই পুৱাৰ পৰা সন্ধিয়ালৈ শ্ৰমত নিয়োজিত হোৱা দেখা গ'ল ।

লক ডাউনৰ মাজতেই গোলাঘাটত শ্ৰমত নিয়োজিত চাহ বাগিচাৰ শ্ৰমিক
লক ডাউনৰ মাজতেই গোলাঘাটত শ্ৰমত নিয়োজিত চাহ বাগিচাৰ শ্ৰমিক

By

Published : Jul 14, 2021, 3:08 PM IST

গোলাঘাট, 14 জুলাই : কন্টেইনমেন্ট জিলা হিচাপে ঘোষিত গোলাঘাট জিলাত মঙলবাৰ আৰু বুধবাৰে সম্পূৰ্ণ লক ডাউন ঘোষণা কৰিছিল জিলা প্ৰশাসনে । আৰক্ষী প্ৰশাসনে এই দুয়োটা দিনতে জিলাবাসীক কোনো কাৰণতে ঘৰৰ পৰা বাহিৰলৈ ওলোৱাত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছিল । কিন্তু এই কঠোৰ বাধাৰ পৰিৱৰ্তে লকডাউনৰ সময়ছোৱাত জিলাখনৰ চাহ বাগিচাসমূহত পূৰ্বৰ দৰেই অব্যাহত থাকিল স্বাভাৱিক কাম-কাজ ।

লক ডাউনৰ মাজতেই গোলাঘাটত শ্ৰমত নিয়োজিত চাহ বাগিচাৰ শ্ৰমিক

সম্পূৰ্ণ লক ডাউনৰ মাজতেই গোলাঘাট জিলাৰ উষা গৰঙা চাহ বাগিচাৰ শ্ৰমিকসকলে পূৰ্বৰ দৰেই পুৱাৰ পৰা সন্ধিয়ালৈ শ্ৰমত নিয়োজিত হ'ল । উদ্বেগজনক কথাটো হ'ল, গোলাঘাট জিলাৰ চাহ বাগিচাসমূহত এতিয়া ক'ভিড পৰিস্থিতি একপ্ৰকাৰ নিয়ন্ত্ৰণৰ বাহিৰত । তথাপিও কোনো ধৰণৰ ক'ভিড সুৰক্ষা অবিহনেই শ্ৰমিকসকলক নিয়োগ কৰা হৈছে কৰ্মস্থলীত ।

ক'ভিডৰ আতংকত ভুগি থকা স্বত্বেও চৰকাৰী বৈষম্য আৰু মালিক পক্ষৰ নিৰ্দেশত অনিচ্ছা স্বত্বেও মৰণত শৰণ দি শ্ৰম কৰিব লগাত পৰিছে শ্ৰমিকসকলে । এনে ভয়াৱহ পৰিস্থিতিত শ্ৰমিকসকলক নিশ্চিত বিপদৰ দিশে ঠেলি দিয়া কাৰ্যক সহজভাৱে ল'ব পৰা নাই চাহ জনগোষ্ঠীয় দল সংগঠনসমূহে ।

কেৱল ভোটবেংকৰ স্বাৰ্থত ব্যৱহাৰ কৰি অহা চাহ শ্ৰমিকসকলৰ জীৱনৰ সৈতে এনেদৰে হেতালি নেখেলিবলৈ আৰু অচিৰেই যথোপযুক্ত স্বাস্থ্যসন্মত পদক্ষেপ গ্ৰহণ কৰিবলৈ চাহ বাগিচা কৰ্তৃপক্ষৰ লগতে চৰকাৰক আহ্বান জনাইছে শ্ৰমিক তথা দল সংগঠনসমূহে ।

লগতে পঢ়ক :নতুন ৰূপত ঐতিহাসিক ভঁৰালী বৰুৱা পুখুৰী

ABOUT THE AUTHOR

...view details