অসম

assam

ETV Bharat / state

ফাকুৱা উপলক্ষে লাঠীখেল অনুষ্ঠিত

ৰাজ্যবাসীয়ে উলাহ-মালহেৰে উদযাপন কৰিলে ৰঙৰ উৎসৱ ফাকুৱা ৷ হিন্দু ধৰ্মাৱলম্বী লোকসকলে ধৰ্মীয় ৰীতি-নীতিৰে উদযাপন কৰা এই উৎসৱৰ আছে এক সুকীয়া মাদকতা ৷ এই উৎসৱত ৰং, আবিৰ খেলি আনন্দত মতলীয়া হৈ পৰে একাংশ লোক ৷ প্ৰতিটো ধৰ্ম তথা জনগোষ্ঠীয়ে নিজ নিজ পৰম্পৰা অনুসৰি পালন কৰি আহিছে এই উৎসৱটি ৷

ফাকুৱা উপলক্ষে চাহ বাগিচাৰ লোকসকলে খেলিলে লাঠিখেল
ফাকুৱা উপলক্ষে চাহ বাগিচাৰ লোকসকলে খেলিলে লাঠিখেল

By

Published : Mar 30, 2021, 4:37 PM IST

গোলাঘাট,30 মাৰ্চ: সোমবাৰে ৰাজ্যবাসীয়ে উলাহ-মালহেৰে উদযাপন কৰিলে ৰঙৰ উৎসৱ ফাকুৱা ৷ হিন্দু ধৰ্মাৱলম্বী লোকসকলে ধৰ্মীয় ৰীতি-নীতিৰে উদযাপন কৰা এই উৎসৱৰ আছে এক সুকীয়া মাদকতা ৷ এই উৎসৱত ৰং, আবিৰ খেলি আনন্দত মতলীয়া হৈ পৰে একাংশ লোক ৷ প্ৰতিটো ধৰ্ম তথা জনগোষ্ঠীয়ে নিজ নিজ পৰম্পৰা অনুসৰি পালন কৰি আহিছে এই উৎসৱটি ৷

লাঠীখেল অনুষ্ঠিত

আন আন জনগোষ্ঠীৰ সমান্তৰালকৈ চাহ জনগোষ্ঠীৰ লোকসকলেও উদযাপন কৰিলে ফাকুৱা ৷ পূৰ্বৰ পৰম্পৰা অনুসৰি ফাকুৱা উপলক্ষে চাহ জনগোষ্ঠীৰ লোকসকলে পৰম্পৰাগতভাৱে খেলিলে লাঠীখেল ৷ হাতত লাঠী লৈ মৃদংগৰ তালে তালে নৃত্য পৰিৱেশন কৰিলে খুমটাই চাহ বাগিচাৰ লোকসকলে ৷ প্ৰবাদ অনুসৰি শ্ৰীকৃষ্ণই দ্বাপৰ যুগত গোপীসকলৰ লগত এইধৰণে লাঠী খেলি ফাকুৱা উৎসৱ পালন কৰিছিল ।

লগতে পঢ়ক:লুৰিণ জ্যোতি গগৈৰ মাতৃৰ আশু আৰোগ্য কামনাৰে চাচনীবাসীৰ বন্তি প্ৰজ্বলন

ABOUT THE AUTHOR

...view details