অসম

assam

ETV Bharat / state

ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ সেউজীকৰণ প্ৰকল্প - ছাত্ৰ সন্থা

ছাত্ৰ সন্থাৰ প্ৰতিটো আঞ্চলিকৰ সদস্যই নিজ নিজ অঞ্চলৰ প্ৰতিঘৰ পৰিয়ালৰ ঘৰত উপস্থিত হৈ বিতৰণ কৰিব এজোপাকৈ গছপুলি ৷

TEA DISTRIBUTION BY AASU
ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ সেউজীকৰণ প্ৰকল্প

By

Published : Jul 7, 2020, 1:05 PM IST

গোলাঘাট, 7 জুলাই :গোলাঘাট জিলাৰ ধনশিৰি মহকুমাক সেউজীকৰণ কৰাৰ লক্ষ্যৰে ধনশিৰি মহকুমা ছাত্ৰ সন্থাই ৰূপায়ন কৰিছে সেউজীকৰণ প্ৰকল্প ৷ "গছ থাকিলেহে মানুহ থাকিব" এই নীতি সাৰোগত কৰি প্ৰতিঘৰ পৰিয়ালক কমেও এজোপাকৈ গছপুলি বিতৰণ কৰি "সেউজীকৰণ প্ৰকল্প" নামেৰে মঙলবাৰে এক কাৰ্যসূচীৰ আৰম্ভ কৰে ধনশিৰি মহকুমা ছাত্ৰ সন্থাই ৷ আম, কঁঠাল, জামু, জলফাই, শিলিখা, ডালিম, নিম আদি বিভিন্ন প্ৰজাতিৰ গছপুলি বিতৰণ কৰে ছাত্ৰ সন্থাই ৷

ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ সেউজীকৰণ প্ৰকল্প

গোলাঘাট জিলাৰ সৰুপথাৰ হনুমান মন্দিৰ প্ৰাঙ্গণত এখন সভাৰ আয়োজন কৰি ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ সাতখন আঞ্চলিকৰ সভাপতি সম্পাদকক এশ জোপাকৈ গছপুলি বিতৰণ কৰে মহকুমা ছাত্ৰ সন্থাই ৷ ছাত্ৰ সন্থাৰ প্ৰতিটো আঞ্চলিকৰ সদস্যই নিজ নিজ অঞ্চলৰ প্ৰতিঘৰ পৰিয়ালৰ ঘৰত উপস্থিত হৈ এজোপাকৈ গছপুলি বিতৰণ কৰিব ৷

মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সুভাষ শইকীয়াই আঁতধৰা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে দিল্লী বিশ্ববিদ্যালয়ৰ অসমীয়া ছাত্ৰ সন্থাৰ সভাপতি সুভ্ৰজ্যোতি দুৱৰা ৷ ইয়াৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকন, ধনশিৰি মহকুমা সাংবাদিক সংস্থাৰ উপদেষ্টা দ্বীপেন কুমাৰ বৰা, ধনশিৰি মহকুমা সাংবাদিক সংস্থাৰ সভাপতি মাখমুদ আলী উপস্থিত থাকে অনুষ্ঠানটোত ৷

লগতে পঢ়ক:নিয়ন্ত্ৰণ ৰেখাত নিশা বায়ু সেনাৰ অভিযান

ABOUT THE AUTHOR

...view details