অসম

assam

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক টাটাই প্ৰদান কৰিলে বাহন

By

Published : Apr 23, 2022, 7:48 PM IST

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ টাটাৰ উপহাৰ(Tata gifts to Kaziranga National Park) । ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক প্ৰদান কৰিলে এখন টাটা হেৰিয়াৰ বাহন । টাটা ম’ট’ৰ্ছক ধন্যবাদ জ্ঞাপন কাজিৰঙা উদ্যান কৰ্তৃপক্ষৰ ।

Tata gifts to Kaziranga National Park
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক টাটা হেৰিয়াৰ বাহন প্ৰদান টাটা ম’টৰ্ছৰ

কাজিৰঙা,২১ এপ্ৰিল: প্ৰিমিয়াম এছ ইউ ভি শ্ৰেণীৰ বাহন টাটা হেৰিয়াৰৰ কাজিৰঙা এডিচনৰ এখন গাড়ী আনুষ্ঠানিকভাৱে টাটা কোম্পানীৰ তৰফৰ পৰা প্ৰদান কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক (Tata Heriar gift to Kaziranga National Park by Tata Motors)। কাজিৰঙাৰ কহঁৰাস্থ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত প্ৰদান কৰা হয় বাহনখন ।

বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক অমিত সাহাই, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মা, ডিএফ অ’ ৰমেশ গগৈৰ লগতে বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত টাটা ম’ট’ৰ্ছৰ হৈ দুগৰাকী উপ-সঞ্চালক ক্ৰমে, ৰাজন আম্বা আৰু মোহন সাৱৰকাৰে প্ৰদান কৰে বাহনখন । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকৰ কাৰ্যালয়ত ব্যৱহাৰৰ বাবে বাহনখন প্ৰদান কৰাত উদ্যান কৰ্তৃপক্ষই টাটা মটৰ্ছক ধন্যবাদ জ্ঞাপন কৰে ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক টাটাই প্ৰদান কৰিলে বাহন

লগতে অনাগত সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণৰ ক্ষেত্ৰত টাটা কোম্পানীৰ সহায়-সহযোগিতা লাভ কৰিব বুলি আশা ব্যক্ত কৰে বন বিভাগে ৷ ইফালে, টাটাৰ উপ-সঞ্চালক ৰাজন আম্বাই প্ৰকাশ কৰে যে, আই পি এলৰ প্ৰতিখন মেছতে টাটা হেৰিয়াৰ কাজিৰঙা এডিচন বাহনখন খেলপথাৰৰ কাষত প্ৰদৰ্শিত কৰা হৈছে ৷

লগতে প্ৰদৰ্শিত হেৰিয়াৰখনত কোনো বেটছমেনে যদি বল কোবাই লগাই তেন্তে প্ৰতিটো বলৰ আঘাতৰ বাবদ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ৫ লাখ টকা আগবঢ়াব টাটা ম’টৰ্ছে ৷ ইতিমধ্যে আই পি এলত দুুগৰাকী বেটছমেনে দুটা বলৰ আঘাতেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ১০ লাখ টকা সংগ্ৰহ কৰিছে বুলিও প্ৰকাশ কৰে উপ-সঞ্চালক ৰাজনে ।

লগতে পঢ়ক:জিগনেশৰ জামিন বিচাৰি দেওবাৰে সদলবলে কোকৰাঝাৰলৈ ভূপেন বৰা

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details