অসম

assam

ETV Bharat / state

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দ্বিতীয়বাৰৰ বাবে দল হৰিণৰ গণনা আৰম্ভ - ব্ৰহ্মপুত্ৰ উপত্যকাতহে পূৰ্বাঞ্চলীয় দল হৰিণ দেখিবলৈ পোৱা যায়

দল হৰিণ ভাৰতত পোৱা বাৰা শিঙা নামৰ এটা হৰিণৰ উপ প্ৰজাতি ৷ যাক ইংৰাজীত Eastern swamp deer বুলি জনা যায় ৷ পৃথিবীৰ ভিতৰত অকল ব্ৰহ্মপুত্ৰ উপত্যকাতহে পূৰ্বাঞ্চলীয় দল হৰিণ দেখিবলৈ পোৱা যায় ৷ চলিত বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দ্বিতীয়বাৰৰ বাবে দল হৰিণৰ গণনাৰ কাম শনিবাৰৰে পৰা আৰম্ভ(Swamp deer census started for second time) হৈছে ৷

swamp-deer-population-started-for-second-time-at-kaziranga-national-park
দল হৰিণৰ গণনা আৰম্ভ

By

Published : May 7, 2022, 1:46 PM IST

বোকাখাত, 7 মে’ : শনিবাৰৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দল হৰিণৰ গণনা(Deer counting held at Kaziranga National Park) ৰ কাম ৷ চলিত বৰ্ষত দল হৰিণৰ এয়া দ্বিতীয়টো গণনা বুলি সদৰি কৰিছে উদ্যান কৰ্তৃপক্ষই ৷ বিগত 5 মে'ত কাজিৰঙাৰ কঁহৰাৰ পৰমানন্দ লাহন শতবৰ্ষ সোঁৱৰণী সভাগৃহত গণনাকাৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰাৰ পাছত শনিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে দল হৰিণৰ গণনাৰ কাম(Swamp deer population started for second time) ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণপাৰৰ 25 টা খণ্ড আৰু বিশ্বনাথৰ 8 টা খণ্ডক সামৰি মুঠ 33 টা খণ্ডত সম্পন্ন কৰা হ'ব দল হৰিণৰ গণনাৰ কাম ৷ এই দল হৰিণৰ গণনাৰ বাবে 100 ৰো অধিক বন বিভাগৰ লোক আৰু স্বেচ্ছাসেৱকক নিয়োজিত কৰা হৈছে ৷

দল হৰিণৰ গণনা আৰম্ভ

ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ জানুৱাৰী মাহত কৰা গণনাত 868 টা দুষ্প্ৰাপ্য দল হৰিণ পোৱা গৈছিল ৷ কিন্তু এইবাৰৰ গণনাত ইয়াৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ গণনাকাৰীসকলে হাতী ব্যৱহাৰ কৰাৰ লগতে খোজকাঢ়ি গণনাৰ কাম অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

লগতে চাওক:মঙলবাৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ দল হৰিণৰ গণনাৰ কাম

For All Latest Updates

ABOUT THE AUTHOR

...view details