অসম

assam

ETV Bharat / state

Pathetic condition of SKMCH: মাত্ৰ এজন চিকিৎসকেৰে চলিছে বোকাখাতৰ স্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়

এজন চিকিৎসকেৰে চলিছে বোকাখাতৰ স্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়খন (Swahid Kamala Miri Civil Hospital)। চিকিৎসকৰ অভাৱত সম্পূৰ্ণভাৱে বন্ধ বহিঃৰোগী বিভাগ (OPD)। জৰুৰীকালীন বিভাগত মাত্ৰ এজন চিকিৎসকে কৰিছে চিকিৎসা । ইয়াৰ বিপৰীতে ৰোগীৰ দীঘলীয়া শাৰি চিকিৎসালয়খনত । চিকিৎসালয়খনৰ সৰহসংখ্যক চিকিৎসকেই চুটি লোৱাৰ লগতে পদোন্নতি লৈ অন্য ঠাইলৈ বদলি হোৱাত প্ৰায় চিকিৎসক শূন্য হৈ পৰিছে চিকিৎসালয়খন ।

মাত্ৰ এজন চিকিৎসকেৰে চলিছে বোকাখাতৰ স্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়
Swahid Kamala Miri Civil Hospital

By

Published : Nov 25, 2022, 2:14 PM IST

বোকাখাত, 25 নৱেম্বৰ:ৰাজ্য চৰকাৰে চিকিৎসা মহাবিদ্যালয়, চিকিৎসা নিৰ্মাণ কৰি স্বাস্থ্যখণ্ডৰ উন্নতিৰ যিদৰে জয়গান গাই আহিছে তাৰ বিপৰীতে ৰাজ্যৰ একাংশ চিকিৎসালয়ৰ শোচনীয় অৱস্থাই স্বাস্থ্যখণ্ডৰ উন্নয়নৰ আন এখন বিপৰীত ছবিহে প্ৰতিফলিত কৰা পৰিলক্ষিত হৈছে । কিয়নো ৰাজ্যৰ প্ৰতিখন জিলাতে আছে একোখনকৈ অসামৰিক চিকিৎসালয় ৷ কিন্তু এই অসামৰিক চিকিৎসালয়সমূহৰ অধিকাংশতেই নাই পৰ্যাপ্ত পৰিমাণৰ চিকিৎসা সেৱা, চিকিৎসক কিম্বা নাৰ্ছ । যাৰ কু-ফল ভোগ কৰিবলগীয়া হয় সাধাৰণ জনতাই ৷ সু চিকিৎসা ব্যৱস্থাৰ অভাৱতে ৰাজ্যত বিভিন্ন সময়ত বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ৷ এনে ঘটনাৰ বহু উদাহৰণ প্ৰায়েই দেখিবলৈ পোৱা যায় ৷ তেনে এখন চিকিৎসালয় হৈছে বোকাখাতৰ স্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয় ।

মাত্ৰ এজন চিকিৎসকেৰে চলিছে বোকাখাতৰ স্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়খন (Swahid Kamala Miri Civil Hospital)। চিকিৎসকৰ অভাৱত সম্পূৰ্ণভাৱে বন্ধ বহিঃৰোগী বিভাগ (OPD)। জৰুৰীকালীন বিভাগত মাত্ৰ এজন চিকিৎসকে কৰিছে চিকিৎসা । ইয়াৰ বিপৰীতে ৰোগীৰ দীঘলীয়া শাৰী চিকিৎসালয়খনত । চিকিৎসালয়খনৰ সৰহসংখ্যক চিকিৎসকেই চুটি লোৱাৰ লগতে পদোন্নতি লৈ অন্য ঠাইলৈ বদলি হোৱাত প্ৰায় চিকিৎসক শূন্য হৈ পৰিছে চিকিৎসালয়খন ।

Swahid Kamala Miri Civil Hospital

বিয়াগোম অট্টালিকাৰেৰে দেখাত এখন সুন্দৰ চিকিৎসালয় । কিন্তু ভিতৰ চৰা দেখিলেলেহে গম পোৱা যায় আন এক ৰূপ । বোকাখাত মহকুমাৰ একমাত্ৰ চিকিৎসালয়খনত নাই কোনো মেডিচিনৰ ডাক্তৰ । পৰ্যাপ্ত চিকিৎসকৰ অভাৱৰ বাবেই চিকিৎসালয়খনত প্ৰসূতি ৰোগীৰ অস্ত্ৰোপচাৰ কৰা হয় সপ্তাহৰ দুটা নিদিষ্ট বাৰত । একেদৰে পৰ্যাপ্ত ঔষধৰো অভাৱ চিকিৎসালয়খনত । একেদৰে দন্ত আৰু অস্থিৰোগৰ বিশেষজ্ঞ চিকিৎসকো সপ্তাহত দুদিনকৈহে বহে চিকিৎসালয়খনত ।

ইফালে যি এটা আওপুৰণি আল্ট্ৰাচাউণ্ড মেচিন আছে সেইটোও প্ৰায়ে বিকল হৈ থাকে । পৰ্যাপ্ত চিকিৎসক তথা চিকিৎসাৰ সা-সৰঞ্জাম নথকাৰ বাবেই সামান্য দূৰ্ঘটনা এটা হলেও প্ৰাৰম্ভিক চিকিৎসা কৰিয়েই চিকিৎসালয়খনৰ পৰা যোৰহাটলৈ স্থানান্তৰিত কৰে ৰোগীক । বাহিৰৰ পৰা প্ৰকাণ্ড অট্টালিকাৰে জিলিকি থাকিলেও ভিতৰত একো সুবিধা পাবলৈ নাই চৰকাৰী চিকিৎসালয়খনত । এই লৈ এতিয়া ক্ষোভিত হৈ পৰিছে ৰোগীৰ আত্মীয় ।

লগতে পঢ়ক:Tejaswita Baruah death: কি পালে তেজস্বিতা বৰুৱাৰ মৃত্যুৰ তদন্তত ?

ABOUT THE AUTHOR

...view details