অসম

assam

ETV Bharat / state

চিনাতলি গাঁৱত স্বচ্ছ অভিযান কাৰ্যসূচী ৰূপায়ণ - chinatali green and clean village

সেউজ আৰু স্বচ্ছ গাওঁ হিচাপে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দ্বাৰা ঘোষিত চিনাতলি গাঁওৰ বৰ্ষপুতি হিচাপে স্বচ্ছ অভিযান কাৰ্যসূচী ৰূপায়ণ

চিনাতলি গাঁৱত স্বচ্ছ অভিযান কাৰ্যসূচী ৰূপায়ণ

By

Published : Jul 14, 2019, 8:28 PM IST

খুমতাই, 14 জুলাই : অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৱাবৰ্ষৰ ১৪ জুলাই তাৰিখে চিনাতলিত উপস্থিত হৈ এখন ৰাজহুৱা সভাত অসম চৰকাৰৰ সেউজ আৰু স্বচ্ছ গাঁও আঁচনিৰ অধীনত চিনাতলি গাঁৱক সেউজ আৰু স্বচ্ছ গাওঁ হিচাপে ঘোষণা কৰাৰ লগতে চিনাতলিৰ মাজ মজিয়াত এজোপা বৰ গছ ৰোপন কৰিছিল । দেওবাৰে এই কাৰ্যসূচীৰ এটা বছৰ সম্পূৰ্ণ হোৱাৰ বাবে দিনযোৰা কাৰ্য্যসূচীৰে এক স্বচ্ছ অভিযান কাৰ্য্যসূচী অনুষ্ঠিত কৰে চিনাতলি গাঁওবাসীয়ে ৷ গাওঁখনৰ এক মাত্ৰ ধৰ্মীয় অনুষ্ঠান চিনাতলি বৰনামঘৰ সমাজ পৰিষদৰ উদ্যোগত ৰাইজৰ সহযোগত প্ৰায় ৪ কি:মিটাৰ দৈৰ্ঘ্য ৰাস্তাত এই কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় ৷ লগতে এই গাওঁখনৰ মূল ৰাস্তাৰ দুয়োকাষে বহু ফল-মূলৰ আৰু বহু মূল্যবান গছপুলি ৰোপন কৰি গাওঁখনৰ সৌন্দৰ্য্য বৰ্ধন কৰি ৰখাৰ উপৰিও প্ৰতি মাহে অঞ্চল সমূহ চাফ-চিকুন কৰি ৰখাৰ ক্ষেত্ৰতটো স্বচ্ছ অভিযান কাৰ্য্যসূচী হাতত লৈ আহিছে ।

চিনাতলি গাঁৱত স্বচ্ছ অভিযান কাৰ্যসূচী ৰূপায়ণ

ABOUT THE AUTHOR

...view details