অসম

assam

ETV Bharat / state

সৰুপথাৰৰ জলসিঞ্চন বিভাগৰ কাৰ্যালয়ত চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ধনশিৰি মহকুমাৰ জলসিঞ্চন বিভাগ চূড়ান্ত ভাৱে ব্যৰ্থ হোৱা অভিযোগ তুলি বৃহস্পতিবাৰে চুতীয়া ছাত্ৰ সন্থাই সৰুপথাৰত বিভাগটোৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

sutia student union protest at  saruathar
সৰুপথাৰৰ জলসিঞ্চন বিভাগৰ কাৰ্যালয়ত চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ

By

Published : Sep 24, 2020, 7:41 PM IST

সৰুপথাৰ,24 ছেপ্তেম্বৰঃ বিগত ৩ পৰা ৪ মাহ ধৰি ধনশিৰি মহকুমাত বৰষুণ নিদিয়াৰ ফলত কৃষকৰ খেতি পথাৰ চিৰাল ফাঁট দিয়াৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ ইপিনে জলসিঞ্চন বিভাগটো সক্ৰিয় হোৱাৰ সলনি কাৰ্যালয়ত দেৰিকৈ উপস্থিত হোৱাৰ লগতে মহা ভোজ ভাত খোৱাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পাচতে বৃহস্পতিবাৰে ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা সকলে জলসিঞ্চন বিভাগৰ সহকাৰী কাৰ্যবাহী বিষয়াৰ কাৰ্যালয়ৰ সন্মূখত প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ জলসিঞ্চন বিভাগ হায় হায় , কৃষকৰ সমস্যা সমাধান কৰক, কাৰ্যালয়ৰ ভিতৰত মদ মাংসৰ ভোজ বন্ধ কৰক আদি শ্লগান দি পৰিবেশ উত্তাল কৰি তোলে ৷

ইফালে, পানী উত্তোলন কেন্দ্ৰসমূহ সক্ৰিয় কৰি চিৰাল ফাঁট মেলা পথাৰত পানী যোগান ধৰিবৰ বাবে যদি জলসিঞ্চন বিভাগে ব্যৱস্থা হাতত নলয় অনাগত দিনত চুতীয়া ছাত্ৰ সন্থাই পুনৰ জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে ৷ আনহাতে জলসিঞ্চন বিভাগৰ কাৰ্যালয়ৰ সহকাৰী অভিযন্তা গৰাকীয়ে উল্লেখ কৰে যে, বুধবাৰৰ পৰা ইতিমধ্যে পানী উত্তোলন কেন্দ্ৰ সমূহ ভাল কৰি থকা হৈছিল ৷ ইপিনে ক’ভিড-19ৰ বাবে হোটেল সমূহ বন্ধ হৈ থকাত কাৰ্যালয়তে ভাত ৰান্ধি খাৱলগীয়া হৈছিল বুলি জনালে বিষয়া গৰাকীয়ে ৷

লগতে পঢ়কঃপথত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত ঢেকীয়াল গাঁৱবাসীৰ

ABOUT THE AUTHOR

...view details