গোলাঘাট, 21 মাৰ্চঃ কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহত, গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ আইচ'লেশ্যল ৱাৰ্ডত ভৰ্তি লণ্ডনৰ পৰা অহা এজন যুৱকক ৷ যোৱা দুবছৰ ধৰি শিক্ষা গ্ৰহণৰ বাবে লণ্ডনত থকা যুৱকজন কালি লণ্ডনৰ পৰা দেৰগাঁৱৰ নিজা ঘৰলৈ উভতি অহাৰ পিচতে নিশা তেওঁ নিজেই গৈ চিকিৎসালয়খনত ভৰ্তি হয় ৷ যুৱকজনৰ দেহত কৰ'ণাৰ উপস্থিতি পৰীক্ষা কৰিবলৈ তেজৰ নমুনা সংগ্ৰহ কৰিছে চিকিৎসকে ৷
গোলাঘাটৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি লণ্ডনত থকা অসমৰ যুৱকক - কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়
দুবছৰ শিক্ষাগ্ৰহণৰ অন্তত শুকুৰবাৰে লণ্ডনত থকা এজন যুৱক দেৰগাঁৱৰ নিজা ঘৰলৈ উভতি অহাৰ পিচতে নিশা তেওঁ নিজেই গৈ গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ আইচ'লেশ্যল ৱাৰ্ডত ভৰ্তি হয় ৷

চিকিৎসালয়ত ভৰ্তি লণ্ডনত থকা অসমৰ যুৱকক
গোলাঘাটৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি লণ্ডনত থকা অসমৰ যুৱকক
আনহাতে এই ৰোগ সম্পৰ্কত গোলাঘাট শ্বহীদ কুশল কোঁৱৰ চিকিৎসালয়ত প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ এক জৰুৰী সভা অনুষ্ঠিত হয় ৷ সভাৰ অন্তত গোলাঘাট মহকুমা স্বাস্থ্য বিভাগৰ দায়িত্ব থকা ডাঃ পি উদয় প্ৰবীণে সংবাদ মাধ্যমৰ আগত কৰ'ণাৰ বিৰুদ্ধে যুজঁ দিবলৈ সষ্টম হৈ থকা বুলি জানিবলৈ দিয়ে ৷ ইয়াৰ লগতে স্বাস্থ্য বিভাগৰ পৰা জিলাখনলৈ বিভিন্ন ৰাজ্য আৰু দেশৰ বাহিৰৰ পৰা অহা সকলো লোকৰ ওপৰত নজৰ ৰখা হৈছে বুলি জানিবলৈ দিয়ে ৷
লগতে পঢ়কঃবিশ্বজুৰি ক‘ৰণাতংকঃ দৈনিক আক্ৰান্তৰ তালিকাত অন্তৰ্ভুক্ত সহস্ৰাধিক লোক, শতাধিক হাৰত মৃত্যু