গোলাঘাট, 3 এপ্ৰিলঃ গোলাঘাট বগীজান আৰক্ষী থানাৰ অন্তৰ্গত ৩ নং ফলঙনী, 2 নং ফলঙনী, মুৰফুলনী অঞ্চল কেইবাজনো লোকক আৰক্ষী আৰু চিকিৎসা বিভাগৰ দলে হোম ক্যুৱাৰান্টাইন কৰে ৷ নিজামুদ্দিনৰ অনুষ্ঠানত ভাগ লৈ আত্মগোপন কৰা আৰু বৰ্তমানলৈ কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ লগত সম্পৰ্ক থকাৰ সন্দেহত বগীজান আৰক্ষীয়ে অভিযান চলাই চিনাক্ত কৰে লোক কেইজনক ৷ আনহাতে তেওঁলোকৰ মাজৰে হবিবুৰ ৰহমান নামৰ এগৰাকী লোকে নিজামুদ্দিনৰ অনুষ্ঠানত ভাগ লোৱাৰ সন্দেহত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷
গোলাঘাটত সন্দেহজনক কৰ'ণা আক্ৰান্ত লোক
নিজামুদ্দিনৰ অনুষ্ঠানত ভাগ লৈ আত্মগোপন কৰা আৰু বৰ্তমানলৈ কৰ'ণা ভাইৰাছত আক্ৰান্ত লোক সংস্পৰ্শত অহাৰ সন্দেহত গোলাঘটৰ ভিন্ন প্ৰান্তৰ কেইবাগৰাকীও লোকক হোম ক্যুৱাৰান্টাইন কৰে আৰক্ষী আৰু চিকিৎসা বিভাগৰ দলে ৷
suspected corona infected people in golaghat