অসম

assam

By

Published : Oct 30, 2022, 7:05 AM IST

ETV Bharat / state

Burmese supari seized: বোকাজানৰ খটখটিত জব্দ বাৰ্মিজ চুপাৰি

শনিবাৰে খটখটি আৰক্ষীয়ে বোকাজানৰ খটখটিত জব্দ কৰে বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি (Suspected Burmese supari seized at Khotkhoti) ৷ লগতে বাৰ্মিজ চুপাৰি সৰবৰাহৰ অভিযোগত আটক কৰে চাৰিজন লোকক ৷

Burmese supari seized at Khotkhoti in Bokajan
বোকাজানৰ খটখটিত জব্দ বাৰ্মিজ চুপাৰি

ডিফু, 30 অক্টোবৰ : অপৰাধ নিয়ন্ত্ৰণৰ বাবে অসম আৰৰক্ষী কঠোৰ হোৱাৰ পাচতো নাকী লগাবলৈ সক্ষম হোৱা নাই বহু অপৰাধীক ৷ এতিয়াও অসম আৰক্ষীৰ চকুত ধূলি দি বহু অপৰাধীয়ে চলাই গৈছে বহু অনৈতিক কাৰ্য ৷ ইয়াৰ মাজতো ৰাজ্যত সক্ৰিয় হৈ আছে চুপাৰি ছিণ্ডিকেটো ।

তথ্য অনুসৰি, শনিবাৰে অসম নাগালেণ্ড সীমান্তৰ খটখটি আৰক্ষীৰ নাকা তালাচীত জব্দ হৈছে বৃহৎ পৰিমাণৰ চুপাৰি (Burmese supari seized at Khotkhoti) । খটখটি আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, চুপাৰি সৰবৰাহ কৰাৰ সন্দৰ্ভত লাভ কৰিছিল এক খবৰ ৷ সেই খবৰৰ আধাৰতে খটখটি আৰক্ষীয়ে গৌতম বস্তিৰ চাৰিলেন যুক্ত পথত চলাই এক অভিযান ৷

বোকাজানৰ খটখটিত জব্দ বাৰ্মিজ চুপাৰি

এই অভিযানতে ডিমাপুৰৰ দিশৰ পৰা আহি থকা অৱস্থাত গৌতম বস্তিৰ চাৰিলেন যুক্ত পথত বহুৱা নাকা তালাচীত দুখন TATA DI বাহনৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে জব্দকৃত বাহন কেইখনৰ পৰা আৰক্ষীয়ে 34 টা বস্তাত 3057 কেজি চুপাৰি জব্দ কৰে । জব্দকৃত চুপাৰিখিনি বাৰ্মিজ চুপাৰি (Suspected Burmese supari seized) বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে, জব্দকৃত বাহন দুখনৰ নম্বৰ হৈছে AS01PC2686 আৰু AS02CC7938 ৷ ইয়াৰ উপৰিও বাৰ্মিজ চুপাৰি সৰবৰাহৰ অভিযোগত খটখটি আৰক্ষীয়ে চাৰিজন লোকক আটক কৰে ৷ ধৃত সৰবৰাহকাৰী কেইটা হ’ল মৰিগাঁও জিলাৰ লাহৰিঘাটৰ জিয়াবোৰ ৰহমান আৰু ছাইদুল হক, ওদালগুৰি জিলাৰ উত্তৰচুবাৰ মহম্মদ জিনাটোল ইছলাম, লংকাৰ জোতং বস্তিৰ মহম্মদ দিলৱাৰ হুছেইন ৷

ধৃত সৰবৰাহকাৰী কেইটাই ধানৰ তলত জব্দকৃত চুপাৰিসমূহ লুকুৱাই আনিছিল বুলি জানিব পৰা গৈছে । ইফালে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত ৷ আটকাধীন অভিযুক্ত চাৰিটাক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ।

আনহাতে, শনিবাৰেই বোকাজান মহকুমাৰ ডিলাইত আৰক্ষীৰ অভিযানত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ সন্দেহযুক্ত মৰফিন ৷ ডিলাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে তালাচী চলাই জব্দ কৰা হয় এই বৃহৎ পৰিমাণৰ সন্দেহযুক্ত মৰফিন (Suspected Morphine seized at Dilai) ৷

লগতে পঢ়ক :Suspected Morphine seized: ডিফুত ১৫ কোটি টকাৰ সন্দেহযুক্ত মৰফিন জব্দ

ABOUT THE AUTHOR

...view details