অসম

assam

By

Published : Nov 13, 2020, 12:00 PM IST

ETV Bharat / state

দেৰগাঁৱত গোলাঘাট যোগান বিভাগৰ অভিযান

দেৰগাঁৱৰ দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত যোগান বিভাগৰ অভিযান ৷ দীৰ্ঘদিন ধৰি ব্যৱসায়িক প্ৰতিষ্ঠান দুখনে চলাই আছিল ৰন্ধন গেছৰ অবৈধ বেহা ৷ অভিযান কালত বহু কেইটা ৰন্ধন গেছৰ চিলিণ্ডাৰ জব্দ কৰে যোগান বিভাগে ।

as_glt_01_supply_department raid_vis_as10024
দেৰগাঁৱত গোলাঘাট যোগান বিভাগৰ অভিযান

গোলাঘাট, 13 নৱেম্বৰ: গোলাঘাট জিলাৰ দেৰগাঁৱত যোগান বিভাগৰ অভিযান । দেৰগাঁৱৰ দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান চলাই যোগান বিভাগে । স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিতে অবৈধ ৰন্ধন গেছৰ বেহা চলোৱা দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে অভিযান চলাই বহু কেইটা ৰন্ধন গেছৰ চিলিণ্ডাৰ জব্দ কৰে যোগান বিভাগে ।

দেৰগাঁৱত গোলাঘাট যোগান বিভাগৰ অভিযান

যোগান বিভাগৰ অভিযানত উদ্ধাৰ হোৱা এই ৰন্ধন গেছৰ চিলিণ্ডাৰসমূহত নাই কোনো ISI চিহ্ন । গোলাঘাট যোগান বিভাগৰ পৰিদৰ্শক বিনায়ক কৃষ্ণ আৰু মুখ্যধৰ দাসে অভিযান চলোৱা দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ ব্যৱসায়ী দুজন হৈছে কিশোৰ কালোৱাৰ জয়ছোৱাল আৰু বিনোদ জয়ছোৱাল । প্ৰতিষ্ঠান দুখনে বহু দিনৰ পৰাই চলাই আহিছিল ৰন্ধন গেছৰ অবৈধ বেহা। ।

লগতে পঢ়ক:কলগাছিয়াৰ ইছবপুৰত মানাহ নদীৰ কালৰূপ

ABOUT THE AUTHOR

...view details