গোলাঘাট,8 ফেব্ৰুৱাৰীঃ প্ৰেমৰ দিৱস অৰ্থাৎ 14 ফেব্ৰুৱাৰীৰ ভেলেণ্টাইন ডে'লৈ মাজত মাত্ৰ কেইটামান দিন ৷ কিন্তু প্ৰেমৰ দিৱসৰ পূৰ্বেই এক চৰম সিদ্ধান্ত বাছি ল'লে এহাল প্ৰেমিক-প্ৰেমিকাই ৷ এনে এক ঘটনা সংঘটিত হৈছে গোলাঘাটত ৷ জিলাখনৰ নামবৰ দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যত একেলগে চিপ লৈ আত্মহত্যা কৰে বৰহোলাৰ যুৱক মইনুদ্দিন আলী আৰু দেৱযানী নেওগ নামৰ প্ৰেমিক যুগলে ৷ দেওবাৰে তিতাবৰ বৰহোলাৰ পৰা আহি নিশা অভয়াৰণ্যখনত দুয়ো যুৱক-যুৱতীয়ে আত্মহত্যা কৰে ৷
প্ৰেমৰ বাবে চৰম সিদ্ধান্ত গ্ৰহণ প্ৰেমিক-প্ৰেমিকাৰ - গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়
প্ৰেমৰ নামত উচৰ্গিত দিন ভেলেণ্টাইন ডে'ৰ পূৰ্বেই গোলাঘাটত প্ৰেমিক-প্ৰেমিকাৰ আত্মহত্যা ৷ জিলাখনৰ নামবৰ দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যত একেলগে চিপ লৈ আত্মহত্যা কৰে এহাল প্ৰেমিক-প্ৰেমিকাই ৷
গোলাঘাটত প্ৰেমৰ বাবেই চৰম সিদ্ধান্ত বাচি ল'লে প্ৰেমিক-প্ৰেমিকাই
আনহাতে, সোমবাৰে পুৱা ঘটনাস্থলীত বগীজান আৰক্ষী উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত দুয়োটা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ ইপিনে, কি কাৰণে প্ৰেমিক যুগলে এই পথ বাছি ল'লে সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত অব্যাহত আছে আৰক্ষীৰ তদন্ত ৷