অসম

assam

ETV Bharat / state

স্কুলীয়া ছাত্ৰৰ মাজত অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ : কিন্তু কিয় - KHUMTAI

২০১৭ চনত ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ অন্তৰ্গত পাঠ্যক্ৰমত নতুনকৈ সংযোজন কৰা প্ৰাইভেট চিকিউৰিটি পাঠ্যক্ৰম । এই পাঠ্যক্ৰমৰ অধীনত খুমটাইৰ ভোলাগুৰি কমলা মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুঠ ৬২ জন ছাত্ৰক খুমটাই আৰক্ষী চকীত এই প্ৰশিক্ষণ প্ৰদান কৰা হয় ।

কিয় স্কুলীয়া ছাত্ৰৰ মাজত অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ?

By

Published : Sep 4, 2019, 7:37 PM IST

কিয় স্কুলীয়া ছাত্ৰৰ মাজত অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ?

গোলাঘাট, 4 চেপ্টেম্বৰ : গোলাঘাটৰ খুমটাইত চলিছে স্কুলীয়া ছাত্ৰৰ মাজত বন্দুক চালনাৰ প্ৰশিক্ষণ । ৰাজ্যৰ ৰাষ্ট্ৰীয় শিক্ষা অভিযানৰ অন্তৰ্গত বিদ্যালয়ৰ পাঠ্যক্ৰমত নতুনকৈ সংযোজন হোৱা "প্ৰাইভেট চিকিউৰিটি"পাঠ্যক্ৰমৰঅধীনত প্ৰদান কৰা হৈছে এই প্ৰশিক্ষণ । খুমটাই আৰক্ষী চকীত শাৰিৰীক অনুশীলন, অস্ত্ৰ চালনা আৰু সুৰক্ষাজনিত ধাৰণা সম্পৰ্কত ছাত্ৰক প্ৰদান কৰা হৈছে এই প্ৰশিক্ষণ । ২০১৭ চনত ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ অন্তৰ্গত পাঠ্যক্ৰমত নতুনকৈ সংযোজন কৰা প্ৰাইভেট চিকিউৰিটি পাঠ্যক্ৰম । এই পাঠ্যক্ৰমৰ অধীনত খুমটাইৰ ভোলাগুৰি কমলা মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুঠ ৬২ জন ছাত্ৰক খুমটাই আৰক্ষী চকীত এই প্ৰশিক্ষণ প্ৰদান কৰা হয় । খুমটাই আৰক্ষী চকীত কৰ্মৰত এছ আৰ এফৰ জোৱান মহন্তৰাম ইংতিয়ে ছাত্ৰসকলক শাৰীৰিক অনুশীলন, অস্ত্ৰ চালনা আৰু সুৰক্ষা জনিত প্ৰাথমিক ধাৰণা সম্পৰ্কত প্ৰশিক্ষণ প্ৰদান কৰে । ভোলাগুৰি কমলা মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক মানস পৰাশৰে উক্ত প্ৰশিক্ষণৰ পৰিচালনাৰ দায়িত্বত থাকে । ভোলাগুৰি কমলা মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম, দশম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰই এই প্ৰশিক্ষণত যোগদান কৰে ।

উল্লেখ্যযোগ্য যে, বিগত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত নতুন কৈ সংযোজন হোৱা প্ৰাইভেট চিকিউৰিটি পাঠ্যক্ৰমৰ ২৪ জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল, ইয়াৰে ১৩ জনে লেটাৰ সহ উৰ্ত্তীণ হোৱাৰ বিপৰীতে এগৰাকী পৰীক্ষাৰ্থীয়ে ১০০ ভিতৰত ৯৭ নম্বৰ পাবলৈ সক্ষম হয় । প্ৰাইভেট চিকিউৰিটি পাঠ্যক্ৰমত ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণ দিবলৈ বাহিৰৰ পৰা চিকিউৰিটি এজেন্সিৰ প্ৰশিক্ষক আমন্ত্ৰণ কৰি ব্যৱহাৰিক আৰু সাধাৰণ পাঠদানৰ প্ৰশিক্ষণ প্ৰদান কৰাৰো ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা যায় ৷

ABOUT THE AUTHOR

...view details