অসম

assam

By

Published : Jun 11, 2021, 2:34 PM IST

ETV Bharat / state

বিলগাঁৱত ছাত্ৰ সংহতি দিৱস পালন

প্ৰতি বছৰৰ দৰে এইবাৰো সদৌ অসম ছাত্ৰ সন্থাই পালন কৰিছে ছাত্ৰ সংহতি দিৱসৰ । দিৱসৰ লগতে সংগতি ৰাখি বিলগাঁও আঞ্চলিক ছাত্র সন্থাই শ্বহীদ বেদীত বন্তি প্রজ্বলনৰ লগতে পুষ্পাঞ্জলি অৰ্পণ কৰে ।

Student Solidarity Day
বিলগাঁৱত ছাত্ৰ সংহতি দিৱস পালন

সৰুপথাৰ, ১১ জুন :গোলাঘাট জিলাৰ বিলগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত পালন ছাত্ৰ সংহতি দিৱস (Student Solidarity Day)। ধনশিৰি মহকুমাৰ অন্তৰ্গত ধোন্দাচাম উচ্চ মাধ্যমিক বিদ্যালয় চৌহদত থকা শ্বহীদ বেদীত পালন কৰা হয় এই দিৱস ।

বিলগাঁৱত ছাত্ৰ সংহতি দিৱস পালন

১৯৭৪ চনৰ ১০ জুনত ঐতিহাসিক খাদ্য আন্দোলন (food agitation)ত নিহত হোৱা মৰিগাঁও জিলাৰ ভূৰবন্ধা গাঁৱৰ ছাত্র গজেন ইংতি আৰু পুতুল শইকীয়াৰ প্রতি শ্রদ্ধাঞ্জলি জনাই বিলগাঁও আঞ্চলিক ছাত্র সন্থাই পালন কৰে সংহতি দিৱস । সদৌ অসম ছাত্র সন্থা (All Assam Students' Union)ৰ আহ্বানত পালন কৰা ছাত্র সংহতি দিৱসৰ অংশ হিচাপে শ্বহীদ বেদীত বন্তি প্রজ্বলনৰ লগতে পুষ্পাঞ্জলি অৰ্পণ কৰা হয় ।

লগতে পঢ়ক:শিঙৰা নৈৰ অবৈধ বালি কুৱেৰী বন্ধৰ দাবীত আছুৰ মানৱ শৃংখল

ABOUT THE AUTHOR

...view details