সৰুপথাৰত ছাত্ৰ সংগঠনৰ প্ৰতিবাদ - প্ৰতিবাদকাৰী
বিজ্ঞান মহাবিদ্যালয়খন স্থাপন কৰাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ ৷ বিজেপি নেতা আৰু স্থানীয় বিধায়িকাৰ মাজত সৃষ্টি হোৱা সংঘাতৰ ফলত স্থাপন কৰিব পৰা নাই মহাবিদ্যালয়খন

সৰুপথাৰ,30 আগষ্ট : সৰুপথাৰত বিভিন্ন ছাত্ৰ সংগঠনৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট ৷ ধনশিৰি মহকুমাত বিজ্ঞান মহাবিদ্যালয় স্থাপনৰ দাবীত এই প্ৰতিবাদ ছাত্ৰ সংগঠনৰ ৷ প্ৰতিবাদস্থলীত ছাত্ৰ সন্থাৰ কৰ্মীসকলে বিজ্ঞান মহাবিদ্যালয়খন স্থাপন কৰাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব নিদিয়া মনোভাৱৰ বাবে কঠোৰ ভাষাৰে সমালোচনা কৰি চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে | সৰুপথাৰ সমষ্টিলৈ অনুমোদিত বিজ্ঞান মহাবিদ্যালয় স্থাপনৰ স্থান নিৰূপণৰ ক্ষেত্ৰত শাসকীয় বিজেপি নেতা আৰু স্থানীয় বিধায়িকাৰ মাজত সৃষ্টি হোৱা সংঘাতৰ ফলত মহাবিদ্যালয়খন স্থাপন কৰিব পৰা নাই বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে | শীঘ্ৰে মহাবিদ্যালয়খন স্থাপনৰ দাবীত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷