অসম

assam

ETV Bharat / state

গোলাঘাটত কৃষক মুক্তি আৰু ছাত্ৰ মক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ - Student Liberation Struggle Committee

ভাৰত চৰকাৰে গৃহীত কৰা কৃষক আইনৰ বিৰোধিতা কৰি কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে গোলাঘাটত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ প্ৰতিবাদৰকাৰী সকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰি কেন্দ্ৰ চৰকাৰ হাই হাই, নৰেন্দ্ৰ মোদী গ'বেক আদি ধ্বনিৰে উত্তাল কৰি তোলে পৰিবেশ ৷

Student Liberation Struggle Committee and kmss protests in Golaghat
গোলাঘাটত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

By

Published : Sep 26, 2020, 2:28 PM IST

গোলাঘাট, 26ছেপ্টেম্বৰ:আজি গোলাঘাটত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ ভাৰত চৰকাৰে গৃহীত কৰা কৃষক আইনৰ বিৰোধিতা কৰি সংগঠন দুটাই সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ জিলাখনৰ বেজবৰুৱা পইন্টত প্ৰতিবাদকাৰী সকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰি উত্তাল কৰি তোলে পৰিবেশ । প্ৰতিবাদকাৰীসকলে কৃষক আইনে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰাৰ লগতে সৰ্বসাধাৰণ ৰাইজ আৰু কৃষক জুৰুলা কৰাৰ অভিযোগ উত্থাপন কৰে ।

গোলাঘাটত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

কেন্দ্ৰ চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোদী গ'বেক আদি ধ্বনিৰে উত্তাল কৰি তোলা প্ৰতিবাদকাৰী সকলে এই আইন কেতিয়াও মানি লোৱা নহ'ব বুলি দাবী জনায় ৷ অন্যথা চৰকাৰ ভয়ংকৰ প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে ৷

অন্য এক খবৰৰ বাবে:ভূমিস্খলনত মৃত্যু দুই মহিলা ক্ৰিকেটাৰৰ , তিনি সন্ধানহীন

ABOUT THE AUTHOR

...view details