অসম

assam

By

Published : Dec 21, 2022, 11:02 PM IST

ETV Bharat / state

Student died in Merapani: শিক্ষামূলক ভ্ৰমণত গৈ দেওপাহাৰৰ চিৰিৰ পৰা পিচলি মৃত্যু এজন ছাত্ৰৰ

গোলাঘাট জিলাৰ মেৰাপানীত মৰ্মান্তিক ঘটনা । বিদ্যালয়ৰ শিক্ষামূলক ভ্ৰমণত গৈ দেওপাহাৰৰ চিৰিৰ পৰা পিচলি পৰি মৃত্যু এজন ছাত্ৰৰ (Student died in Merapani) ৷ শোকাকুল পৰিৱেশত মৃতদেহ সৎকাৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ গৰাকীৰ । বিদ্যালয় কৰ্তৃপক্ষ, শিক্ষকৰ বিৰুদ্ধে অভিযোগ পৰিয়ালৰ লোকৰ ।

Student died while on an educational trip from school in Merapani Golaghat
দেওপাহাৰৰ চিৰিৰ পৰা পিচলি মৃত্যু এজন ছাত্ৰৰ

দেওপাহাৰৰ চিৰিৰ পৰা পিচলি মৃত্যু এজন ছাত্ৰৰ

গোলাঘাট, 21 ডিচেম্বৰ: এতিয়া বনভোজৰ (Picnic) বতৰ । শীতকাল নামি পৰাৰ লগে লগেই আৰম্ভ হৈছে বনভোজ খোৱাৰ পৰ্ব । বিভিন্ন বনভোজথলীলৈ আগমন ঘটিছে বনভোজকাৰীৰ । কোনোবা যদি বনভোজ খাবলৈ গৈছে পৰিয়ালবৰ্গৰ লগত আন কোনোবা আকৌ গৈছে বন্ধুবৰ্গৰ লগত ৷

শীতৰ কালত আৰম্ভ হৈছে শিক্ষামূলক ভ্ৰমনো ৷ বহু স্কুল-কলেজৰ পৰা আৰম্ভ হৈছে শিক্ষামূলক ভ্ৰমন কাৰ্যসূচীও ৷ কিন্তু বনভোজ খাবলৈ গৈ বহু সময়ত সংঘটিত হয় বহু দুৰ্ঘটনাও ৷ বনভোজস্থলী যেন কাৰোবাৰ কাৰণে পৰিণত হয় মৃত্যুদূতলৈ ৷ শেহতীয়াকৈ তেনে এক ঘটনাই সংঘটিত হৈছে গোলাঘাট জিলাত ৷

মৰ্মান্তিক তথা হৃদয়বিদাৰক ৷ গোলাঘাট জিলাৰ মেৰাপানীত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা । নিমিষতে হেৰাই গ’ল এজন মেধাৱী ছাত্ৰৰ জীৱন । শিক্ষামূলক ভ্ৰমনত গৈ কৰুণ মৃত্যুক সাৱটিলে মেৰাপানীৰ মাটিখোলাৰ ১ নং বৰজানৰ এজন সপ্তম শ্ৰেণীৰ ছাত্ৰই । দেওপাহাৰৰ খটখটিৰ পৰা পিচলি পৰি গুৰুতৰভাৱে আহত হৈছিল ছাত্ৰজন (Student died after slipping from staircase in Deopahar) ৷ তাৰ পাছতেই চিকিৎসালয়ৰ ICUত কৰুণ মৃত্যুক আকোৱালি লয় ছাত্ৰজনে (Student died in Merapani)।

দহমাইলৰ উজ্বল বাল্যভৱন পাব্লিক স্কুলৰ সপ্তম শ্ৰেণীত অধ্যয়ণৰত আছিল ঋতুৰাজ গগৈ ৷ বিদ্যালয়খনৰ আন আন ছাত্ৰ-ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীৰ সৈতে যোৱা ১৮ ডিচেম্বৰত কাজিৰঙালৈ বুলি শিক্ষামূলক ভ্ৰমণত গৈছিল । শিক্ষামূলক ভ্ৰমণ কাৰ্যসূচীৰে কাজিৰঙাৰ পৰা উভতি আহি নুমলীগড়ৰ দেওপাহাৰৰ ঐতিহাসিক কৃৰ্তীচিহ্ন দৰ্শন কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকল ৷ কিন্তু কৃৰ্তীচিহ্ন দৰ্শন কৰিবলৈ যোৱাই যেন কাল হ’ল ঋতুৰাজৰ বাবে ৷

কৃৰ্তীচিহ্ন দৰ্শন কৰি থকা অৱস্থাতে হঠাৎ খটখটিৰ পৰা পিছলি পৰি মুখ আৰু মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ছাত্ৰজন । প্ৰথম অৱস্থাত ছাত্ৰজন আহত হোৱাৰ সম্পৰ্কত পৰিয়ালৰ লোকক অৱগত নকৰাকৈয়ে সংজ্ঞাহীন হৈ পৰা ছাত্ৰজনক এম্বুলেন্স অবিহনেই পিকনিকৰ বাহনৰেই গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায় শিক্ষকসকলে । তাৰ পিছত গোলাঘাটৰ পৰা চিকিৎসকে ছাত্ৰজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।

কিন্তু ছাত্ৰজনৰ অৱস্থা সংকটজনক দেখি চিকিৎসকে পুনৰ তেওঁক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । অৱশেষত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়খনৰ আইচিইউ কক্ষত ছাত্ৰজনক ভৰ্তি কৰোৱা হয় যদিও বুধবাৰে আইচিইতে ছাত্ৰজনে কৰুণ মৃত্যুক আকোৱালি লয় ।

আজি ডিব্ৰুগড়ৰ পৰা ছাত্ৰজনৰ মৃতদেহ বাসগৃহত অনাৰ পাছতে এক শোকাকুল পৰিৱেশৰ মাজত শেষকৃত্য সম্পন্ন কৰে । ইফালে ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে বিদ্যালয়খনৰ কৃৰ্তপক্ষ আৰু শিক্ষকসকলৰ গাফিলতিৰ বাবে এই শোকাৱহ ঘটনা সংঘটিত হ’ল বুলি অভিযোগ উত্থাপন কৰে ।

লগতে পঢ়ক:Prisoner died in Haflong Sub Jail: হাফলং উপ-কাৰাগাৰত অস্বাভাৱিক মৃত্যু এজন কয়দীৰ

ABOUT THE AUTHOR

...view details