অসম

assam

ETV Bharat / state

বৈদ্যুতিক দুৰ্ঘটনাৰ পৰা কেনেকৈ হাত সাৰিব ? - সৰুপথাৰ

বিগত সময়ত ধনশিৰি মহকুমাত বিদ্যুৎ পৃষ্ঠ হৈ কেবাটাও শিশুৰ মৃত্যু হোৱাৰ লগতে সঘনাই বিদ্যুৎ চুৰি হৈ থকাৰ বাবে ইয়াৰ ভয়াৱহতাৰ ওপৰত বাটৰ নাটৰ জৰিয়তে ৰাইজৰ মাজত সজাগতাৰ চেষ্টা ৰাইনো থিয়েটাৰৰ

সৰুপথাৰত বিদ্যুৎ পৰিবাহীৰ ভয়াবহতা সজাগতাৰ বাটৰ নাট প্ৰদৰ্শন

By

Published : Apr 25, 2019, 1:23 PM IST

সৰুপথাৰ ,25 এপ্ৰিলঃশক্তি বিভাগৰ সৰুপথাৰ উপ সংমণ্ডলৰ অধীনত ধনশিৰি মহকুমাৰ দহটা স্থানত ৰাইনো থিয়েটাৰ নামৰ এটা নাট্যগোষ্ঠীটোয়ে বাটৰ নাট প্ৰদৰ্শন কৰে ৷ সৰুপথাৰৰ বিভিন্ন ঠাইত বিদ্যুতৰ বিষয়ে ল'ব পৰা সজাগতাৰ সন্দৰ্ভত এই বাটৰ নাত প্ৰদৰ্শন কৰা হয় ৷

সৰুপথাৰত বিদ্যুৎ পৰিবাহীৰ ভয়াবহতা সজাগতাৰ বাটৰ নাট প্ৰদৰ্শন

বিশেষকৈ ধনশিৰি মহকুমাত সঘনাই ধুমুহাৰ ফলত বিদ্যুতৰ তাঁৰ ছিঙি দুৰ্ঘটনা হোৱাৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে নাট্যগোষ্ঠীটোৱে বাটৰ নাট প্ৰদৰ্শন কৰে ৷ উল্লেখ্য যে কিছু দিনৰ আগত নাওজানত বিদ্যুতৰ তাঁৰ চিঙি মাটিত পৰি থকাৰ ফলত এটি শিশুৰ কৰুণ মৃত্যু হৈছিল ৷ তদুপৰি মহকুমাটোত বিদ্যুৎ চোৰৰো উপদ্ৰৱ বৃদ্ধি পাইছে ৷ সেয়ে বৈদ্যুতিক তাঁৰ, ট্ৰেন্সফৰ্মাৰ ,উলমি থকা বৈদ্যুতিক তাঁৰ আদিৰ পৰা নিৰাপদ দূৰত্ব বজাই ৰখা, বিশেষকৈ ধুমুহা বৰষুণৰ পাচত বৈদ্যুতিক তাঁৰ আদি ছিগি পৰি থকা দেখিলে ল'ব লগীয়া সাৱধনতাৰ বিষয়ে অৱগত কৰাৰ বাবে এই বাটৰ নাট প্ৰদৰ্শন কৰা হয় ৷ তদুপৰি যদি কোনো অভিভাৱকে তেনে পৰিস্থিতিৰ সন্মুখীন হয় তেতিয়া নিজৰ সন্তানৰ ওপৰত বিশেষ নজৰ ৰাখিবৰ বাবে সৰুপথাৰ শক্তি বিভাগৰ বিষয়াগৰাকীয়ে অভিভাৱক সকলক আহ্বান জনায় ৷ ইয়াৰোপৰিও বাৰিষাৰ সময়ত বিদ্যুতৰ তাঁৰ চিঙি পানীত পৰি থকা দেখিলে লগে লগে 1912 নম্বৰত এপিডিচিএল হেল্পলাইনত ফোন কৰিবৰ বাবেও আহ্বান জনাযই বিষয়া গৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details