সৰুপথাৰ, 21 নৱেম্বৰ :ধনশিৰি মহকুমাৰ সৰুপথাৰত কাঠফুলাৰ দৰে গঢ়ি উঠিছে ষ্ট'ন ক্ৰেচাৰ(stone crusher) । প্ৰদূষণ নিয়ন্ত্রণ ব’ৰ্ড(Pollution Control Board)ৰ নীতি-নিৰ্দেশনাক সম্পূৰ্ণৰূপে অমান্য কৰি মহকুমাটোৰ ৰজাপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত পাঁচঘৰীয়া, ৰেংমাই আদি অঞ্চলত গঢ়ি উঠিছে ষ্ট'ন ক্ৰেচাৰ(stone crusher) ।
প্ৰদূষণ নিয়ন্ত্রণ ব’ৰ্ড(Pollution Control Board)ৰ নীতি অনুসৰি প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ষ্ট'ন ক্ৰেচাৰ(stone crusher) সমূহে । ষ্ট'ন ক্ৰেচাৰ কেইটাৰ চাৰিসীমাত থাকিব লগা পকী দেৱালৰ পৰিৱৰ্তে আছে বাঁহৰ বেৰা । ধূলি নিয়ন্ত্রণৰ বাবে নাই কোনো পানীৰ ব্যৱস্থা । প্ৰদূষণ নিয়ন্ত্রণ ব’ৰ্ড(Pollution Control Board)ৰ নিৰ্দেশনা মানি ৰোৱা নাই গছ পুলিও ।
যাৰ ফলত ষ্ট'ন ক্ৰেচাৰ(stone crusher)ৰ ওলোৱা ধূলিয়ে সমীপৰ কৃষি ভূমি নষ্ট কৰাৰ লগতে জনজীৱনলৈ কঢ়িয়াই আনিছে ভাবুকি । ক্ৰেচাৰে সৃষ্টি কৰা প্ৰদুষণৰ বাবে বহু লোক দুৰাৰোগ্যত আক্রান্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় কেইবাটাও দল-সংগঠনে ।