গোলাঘাটত বৃদ্ধি বাইক চুৰিৰ ঘটনা - STOLEN BIKE
ৰাইজৰ সহযোগত আৰক্ষীয়ে উদ্ধাৰ কৰে এখন চুৰি মটৰ চাইকেল ৷ কিন্তু মটৰ চাইকেলৰ গৰাকীৰ সন্ধান লাভ কৰা নাই আৰক্ষীয়ে ৷

BULET BIKE RECOVER
গোলাঘাট ,19 মাৰ্চ : গোলাঘাট জিলাৰ ধনশিৰি মহকুমাত একে নিশাই চুৰি তিনিখনকৈ মটৰ চাইকেল ৷
ধনশিৰি মহকুমাত দিনে দিনে বৃদ্ধি বাইক চুৰিৰ ঘটনা
জিলাখনৰ সৰুপথাৰত একেনিশাই চুৰি তিনিখনকৈ মটৰ চাইকেল চুৰি হোৱাৰ পাচতআৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি টেঙানিৰ ৰাইজৰ সহযোগত এখন নম্বৰ প্লেটবিহীন ৰয়েল এনফিল্ড উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যেনিশাৰ আন্ধাৰৰ সুযোগ লৈ চোৰকেইটা পলাই যাবলৈ সক্ষম হয়৷ আৰক্ষীয়ে এতিয়ালৈকে উদ্ধাৰ হোৱা মটৰচাইকেলখনৰ গৰাকীৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই ৷