অসম

assam

ETV Bharat / state

ৰাজ্যত অচিৰেই নিযুক্তি ৪৫০ চিকিৎসকৰ: কেশৱ মহন্ত - state goverment appointment 450 doctors

নৱগঠিত চৰকাৰৰ কাৰ্যভাৰ গ্ৰহণৰ পিছতে ভিন্নক্ষেত্ৰত নিযুক্তিৰ সিদ্ধান্ত ৷ মঙলবাৰে দেৰগাঁৱত উপস্থিত হয় ৰাজ্য চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ৷ মহন্তই স্বাস্থ্য সন্দৰ্ভত বিভিন্ন মতামত প্ৰকাশ কৰাৰ লগতে স্বাস্থ্যখণ্ডৰ নিযুক্তিৰ সন্দৰ্ভতো স্থিতি স্পষ্ট কৰে ৷

ৰাজ্যত অচিৰেই নিযুক্তি ৪৫০ চিকিৎসকৰ: কেশৱ মহন্ত
ৰাজ্যত অচিৰেই নিযুক্তি ৪৫০ চিকিৎসকৰ: কেশৱ মহন্ত

By

Published : Jun 22, 2021, 10:42 PM IST

দেৰগাঁও,22 জুন:গাত যেন তৰণি নাই অসম চৰকাৰৰ মন্ত্ৰীসকলৰ ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠিত মন্ত্ৰীসভাৰ প্ৰতিগৰাকী মন্ত্ৰীৰে বৰ্তমান দেখা গৈছে কৰ্ম ব্যস্ততা ৷ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ঢাপলি মেলি বুজ লৈছে পৰিস্থিতিৰ ৷

ৰাজ্যৰ প্ৰতিখন জিলাৰ ক’ভিড পৰিস্থিতিৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰীয়ে দায়িত্ব অৰ্পণ কৰিছে প্ৰতিগৰাকী মন্ত্ৰীক ৷ সেয়ে জিলাসমূহৰ প্ৰতিগৰাকী অভিভাৱক মন্ত্ৰীয়ে নিজ নিজ দায়িত্বত থকা জিলাসমূহৰ ক’ভিড পৰিস্থিতিৰ বুজ লৈ তৎপৰ কাৰ্যপন্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ মঙলবাৰে গোলাঘাট জিলাৰ দেৰগাঁৱৰ ক’ভিড পৰিস্থিতিৰ বুজ ল’লে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷

দেৰগাঁৱস্থিত ধৰমশালা ক'ভিড প্ৰতিষেধক কেন্দ্ৰ পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ৷ কেন্দ্ৰটো পৰিদৰ্শন কৰি স্বাস্থ্য বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয় স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ৷ সম্প্ৰতি ৰাজ্যত কিছু নিয়ন্ত্ৰণত আহিছে ক’ভিড পৰিস্থিতি- এই ভাষ্য প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠান এইমছৰ চিকিৎসক ডাঃ ৰণদীপ গুলেৰিয়াই আশংকা প্ৰকাশ কৰা মতে, পৰৱৰ্তী 6-8 সপ্তাহৰ ভিতৰত কৰ’ণা ভাইৰাছৰ তৃতীয় ঢৌ অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ এই ঢৌৱে বিশেষকৈ শিশুসকলক ক্ষতিসাধন কৰাৰ যথেষ্ঠ সম্ভাৱনা আছে ৷ তাৰ বাবে ৰাজ্যত ইতিমধ্যে যাৱতীয় সুৰক্ষা গ্ৰহণ কৰাৰ লগতে চিকিৎসকসকল সাজু বুলি মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷

তদুপৰি তৃতীয় ঢৌৰ বাবে শিশুসকলৰ প্ৰতিষেধক সম্পৰ্কত মন্ত্ৰী গৰাকীয়ে বৈজ্ঞানিকসকলে যি পৰামৰ্শ দিয়ে, তাক গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে ৷ ইয়াৰ লগতে অনতি পলমে ৰাজ্যত প্ৰায় 450 গৰাকী চিকিৎসকক নিযুক্তি দিয়া হ’ব বুলি প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ৷ আনহাতে, গোলাঘাট জিলাত লক ডাউন দিয়াৰ সম্পৰ্কত পৰ্যালোচনা কৰি থকা হৈছে বুলি সদৰী কৰে মন্ত্ৰীগৰাকীয়ে ৷

জিলাখনত যিহেতু চিকিৎসা মহাবিদ্যালয় হাস্পতাল নাই, সেয়ে পৰৱৰ্তী সময়ত ইয়াত পেডিয়েটিক আইচিইউ-ৰ লগতে আইচিইউযুক্ত বেড বঢ়োৱাৰ সদিচ্ছা প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ৷ দেৰগাঁৱৰ মাৰোৱাৰী ধৰমশালা কেন্দ্ৰটোৰ অতিৰিক্ত ১০০ ৰ লগতে মুঠ ২০০ প্ৰতিষেধক দিয়াৰ ব্যৱস্থা গ্ৰহণৰ কথা মতপোষণ কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ৷

লগতে পঢ়ক:ডিগবৈৰ ক'ভিড টিকাকৰণ কেন্দ্ৰত কৃষিমন্ত্ৰী অতুল বৰা

ABOUT THE AUTHOR

...view details