অসম

assam

ETV Bharat / state

আৰম্ভ হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশন - SRIMANTA SHANKARDEV SANGHA'S 89TH SESSION

আজিৰে পৰা আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশন ৷ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে কমাৰগাঁৱৰ দিহিঙীয়া মহুৰা পথাৰ ৷ পুৱা ৫ বজাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ হৈছে অধিৱেশনৰ প্ৰথমটো দিন ৷

SRIMANTA SHANKARDEV SANGHA'S 89TH  SESSION
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশন

By

Published : Feb 5, 2020, 2:00 PM IST

গোলাঘাট,৫ফেব্ৰুৱাৰীঃ উখল-মাখল কমাৰগাঁৱৰ দিহিঙীয়া মহুৰা পথাৰ ৷ আৰম্ভ হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশন ৷ পুৱা ৫ বজাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ হৈছে অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যক্ৰমনিকা ৷ পুৱা ৫ বজাত পৰিৱেশ নিকাকৰণ, ৫-৩০ বজাত প্ৰাত:প্ৰসঙ্গ, ৮ বজাত বৃক্ষৰোপণ, ৮-৩০ বজাত নাম প্ৰসঙ্গ আৰু ৯-৩০ বজাত পৰামনন্দ আতৈ সোঁৱৰণী মূল তোৰণ উন্মোচন কৰা হয় । এই তোৰণখন উন্মোচন কৰে বোকাখাটৰ প্ৰাক্তন শৰণ সদস্য নগেন্দ্ৰ নাথ বৰুৱাই । ইয়াৰ পিছতেই অধিৱেশনলৈ অহা ভকত বৈষ্ণৱক আদৰিবলৈ মূল তোৰণৰ সন্মুখৰ পথৰ দুয়ো কাষে হৰিনাম জয়ধ্বনি দিয়ে আই বাপ সকলে ।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশন

ABOUT THE AUTHOR

...view details