অসম

assam

ETV Bharat / state

কাজিৰঙাত শ্ৰীমদ্ ভাগৱত জ্ঞান মহাযজ্ঞ ও কথা প্ৰৱচন - শ্ৰীমদ্ ভাগৱত জ্ঞান মহাযজ্ঞ ও কথা প্ৰবচন

বিশ্ব শান্তি প্ৰগতি তথা কাজিৰঙাৰ বন্যপ্ৰাণী আৰু বনকৰ্মীৰ মংগল কামনাৰ্থে কাজিৰঙাত আয়োজন কৰা হৈছে শ্ৰীমদ্ ভাগৱত জ্ঞান মহাযজ্ঞ ও কথা প্ৰৱচন ।

srimad-bhagwat-gyan-mahayagya-and-katha-pravasan-organized-in-kaziranga
কাজিৰঙাত আয়োজন শ্ৰীমদ্ ভাগৱত জ্ঞান মহাযজ্ঞ ও কথা প্ৰৱচন

By

Published : Jul 5, 2022, 1:54 PM IST

বোকাখাত, 5 জুলাই :বিশ্ব শান্তি প্ৰগতি তথা কাজিৰঙাৰ বন্যপ্ৰাণী আৰু বনকৰ্মীৰ মংগল কামনাৰ্থে কাজিৰঙাত আয়োজন কৰা হৈছে শ্ৰীমদ্ ভাগৱত জ্ঞান মহাযজ্ঞ ও কথা প্ৰৱচন(Srimad Bhagwat Gyan Mahayagya and Katha Pravasan) ।

কাজিৰঙাৰ গোৰ্খা ধৰ্মাৱলম্বী সম্প্ৰদায়ৰ প্ৰায় পাঁচ শতাধিক লোকে শোভাযাত্ৰা কৰি ১০৮ টা ঘটত কঁহৰা হাতীপাথৰৰ কঁহৰা নদীৰ পৰা জল আহৰণ কৰে । শ্ৰীমদ্ ভাগৱত মহাযজ্ঞ উপলক্ষে কাজিৰঙাত উখল-মাখল পৰিবেশৰ সূচনা হয় ৷

কাজিৰঙাত আয়োজন শ্ৰীমদ্ ভাগৱত জ্ঞান মহাযজ্ঞ ও কথা প্ৰৱচন

হৰিনাম ধ্বনিৰে মুখৰিত হৈ পৰিছে সমগ্ৰ অঞ্চল ৷ ভক্তিৰ ৰসত মগ্ন সকলো ভক্তপ্ৰাণ ৰাইজ ৷ পুৱাৰ পৰা সন্ধিয়ালৈ বৈকুণ্ঠ পুৰিলৈ পৰিণত হয় সমগ্ৰ অঞ্চল ৷ শ্ৰীমদ্ ভাগৱত মহাপুৰাণ উপলক্ষ্যে ইতিমধ্যে সমাপ্ত হোৱা জলযাত্ৰা কাৰ্যসূচীত প্ৰায় পাঁচ শতাধিক ভক্তপ্ৰাণ ৰাইজে প্ৰায় চাৰি কিলমিটাৰ পথ শোভাযাত্ৰা কৰি দিব্য কলশ স্থাপনৰ বাবে কহঁৰা নৈৰ পৰা ঘটিত পানী লৈ আহে ভক্তপ্ৰাণ ৰাইজে ।

উল্লেখ্য যে, ৩ জুলাই পৰা ১২ জুলাইলৈকে অনুষ্ঠিত হবলগীয়া ভাগৱত জ্ঞান মহাযজ্ঞত সকলোৰে সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে । সমান্তৰালকৈ পুনৰ ক'ভিডসৃষ্ট পৰিৱেশৰ সূচনা নহ'বৰ বাবে সেৱা আগবঢ়োৱা হৈছে বুলি মত প্ৰকাশ কৰিছে উদ্যোক্তাই ৷

লগতে পঢ়ক :সমৰ্থন বিচাৰি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ দ্ৰৌপদী মুৰ্মুৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details