অসম

assam

ETV Bharat / state

বিশেষভাৱে সক্ষম কিশোৰীক ধৰ্ষণঃ প্ৰতিবাদত উত্তাল মিছামৰা চাহ বাগিচা - MISAMORA SAH BAGISA

শনিবাৰে দিনত ঘৰত কোনো নথকাৰ সুযোগ লৈ মিছামৰা চাহ বাগিচাৰ নানকু আলি নামৰ যুৱকজনে ধৰ্ষণ কৰিছিল প্ৰায় 90 শতাংশ শাৰিৰীক ভাৱে অসক্ষম এগৰাকী কিশোৰীক ।

দেৰগাঁৱৰ মিছামৰা চাহ বাগিচাত এগৰাকী বিশেষ ভাৱে সক্ষম কিশোৰীক ধৰ্ষণ

By

Published : Jun 2, 2019, 1:49 PM IST

দেৰগাঁৱ, 2 জুন : গোলাঘাটৰ মিছামৰা চাহ বাগিচাত ১২ বছৰীয়া এগৰাকী শাৰিৰীক ভাৱে বিশেষ সক্ষম কিশোৰী কামনাৰ বলি হ'ল এটা লম্পটৰ । শনিবাৰে দিনত ঘৰত কোনো নথকাৰ সুযোগ লৈ মিছামৰা চাহ বাগিচাৰ নানকু আলি নামৰ লম্পটটোৱে ধৰ্ষণ কৰিছিল প্ৰায় 90 শতাংশ শাৰিৰীক ভাৱে অসক্ষম এগৰাকী কিশোৰীক । খোজকাঢ়িব নোৱাৰা, মুখেৰে মাতিব নোৱাৰা আৰু প্ৰতিটো কামতে আনৰ সহায়ৰ প্ৰয়োজন হোৱা কিশোৰীগৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰে নানকু আলিয়ে । আৰক্ষীয়ে অভিযোগৰ ভিত্তিত নানকু আলিক গ্ৰেপ্তাৰ কৰিবলৈ নোৱাৰাৰ বাবেই উত্তেজিত হৈ পৰে শ্ৰমিক সকল ।

দেৰগাঁৱৰ মিছামৰা চাহ বাগিচাত এগৰাকী বিশেষ ভাৱে সক্ষম কিশোৰীক ধৰ্ষণ

লগতে পঢ়ক: কাকপথাৰত শামুক বিচাৰি গৈ মৃত্যু যুৱকৰ

দেৰগাঁও আৰক্ষীয়ে লম্পট নানকু আলিক গ্ৰেপ্তাৰ কৰিব নোৱাৰি আটক কৰিছিল তেওঁৰ পিতৃক । পিছত ধৰ্ষণত অভিযুক্ত নানকু আলিক নিশাই গ্ৰেপ্তাৰ কৰাৰ পিছতহে শান্ত হয় পৰিস্থিতি । নানকু আলিক দৃষ্টান্ত মূলক শাস্তি প্ৰদানৰ দাবী ৰাইজৰ ।

ABOUT THE AUTHOR

...view details