অসম

assam

By

Published : Aug 30, 2020, 4:42 AM IST

ETV Bharat / state

ম্যাদ ওকলা সমাগ্ৰীৰে গ্ৰাহকক ঠগন গোলাঘাট চহৰৰ একাংশ ব্য়ৱসায়ীৰ

গোলাঘাট নগৰৰ প্ৰায়খিনি বেকাৰী, মিঠাই কাৰখানাসমূহে অস্বাস্থ্যকৰ পৰিবেশত খাদ্য সামগ্ৰী প্ৰস্তুত কৰি আহিছে যদিও খাদ্য সুৰক্ষা বিভাগে এইসমূহ অভিযোগ কেতিয়াও গুৰুত্ব প্ৰদান কৰা নাই । সাধাৰণ গ্ৰাহক দেখা পালেই দোকানত বহু দিনৰ পৰা পৰি থকা বৰবিহ সদৃশ সামগ্ৰী বিক্ৰী কৰি আহিছে নগৰৰ একাংশ দোকানীয়ে । এই সন্দৰ্ভত নগৰখনৰ বহু কেইখন দোকানৰ বিৰুদ্ধে গোলাঘাট প্ৰশাসনে ব্যৱস্থা লৈছে যদিও নাকি লগাব পৰা নাই নগৰখনৰ অসাধু ব্যৱসায়ী সকলক।

some shop keepers sold expired food to consumers at golaghat
some shop keepers sold expired food to consumers at golaghat

গোলাঘাট, 29 আগষ্ট : গোলাঘাটত একাংশ দোকানীয়ে ম‍্যাদ উকলি যোৱা সামগ্ৰী বিক্ৰী কৰি হাৰাশাস্তি কৰিছে সাধাৰণ জনতাক । সাধাৰণ গ্ৰাহক দেখা পালেই দোকানত বহু দিনৰ পৰা পৰি থকা বৰবিহ সদৃশ সামগ্ৰী বিক্ৰী কৰি আহিছে নগৰৰ একাংশ দোকানীয়ে । এই সন্দৰ্ভত নগৰখনৰ বহু কেইখন দোকানৰ বিৰুদ্ধে গোলাঘাট প্ৰশাসনে ব্যৱস্থা লৈছে যদিও নাকি লগাব পৰা নাই নগৰখনৰ অসাধু ব্যৱসায়ী সকলক। এইবাৰ এই হাৰাশাস্তিৰ সন্মুখীন হ'ল গোলাঘাটৰ এগৰাকী সাংবাদিক । সাংবাদিক গৰাকীয়ে নৱ বিববাহিত পত্নীৰ জন্মদিনৰ বাবে নিয়া কেক খাই অসুস্থ হ'ল পৰিয়ালৰ লোক ।

খাদ্য নে বৰবিহ

গোলাঘাট নগৰৰ বেকাৰ্চ পইণ্ট নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান খনৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুত্বৰ অভিযোগ । ম‍্যাদ উকলি যোৱা কেক বিক্ৰীৰে গ্ৰাহকক লুণ্ঠন চলায় অহাৰ লগতে জনসাধাৰণৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ উত্থাপিত কৰিছে গোলাঘাটৰ সাংবাদিক ভৰত দত্তই । সাংবাদিক গৰাকীয়ে তেওঁৰ পত্নীৰ জন্মদিন উপলক্ষে এটা কেক ক্ৰয় কৰিছিল বেকাৰ্চ পইণ্ট নামৰ দোকান খনৰ পৰা । পৰিয়ালৰ লোকৰ লগত জন্মদিন পালন কৰাৰ সময়ত কেকটো কাটি মুখত লোৱাৰ লগে লগে অত্যন্ত দুৰ্গন্ধ আৰু টেঙা হোৱাৰ উপৰিও সাংবাদিক গৰাকীৰ পত্নীৰ বমি হোৱা ফলত সকলোৱে আধাতে সামৰিব লগা হয় ।

ম্যাদ ওকলা সমাগ্ৰীৰে গ্ৰাহকক ঠগন গোলাঘাট চহৰৰ একাংশ ব্য়ৱসায়ীৰ

এই অনুসৰি শনিবাৰে ব্যৱসায়িক প্ৰতিষ্ঠানখনত সাংবাদিক গৰাকীয়ে উক্ত বিষয়ত প্ৰশ্ন কৰাত প্ৰতিষ্ঠান খনৰ গৰাকীয়ে গা এৰা মন্তব্য প্ৰকাশ কৰে । যাৰ বাবে সাংবাদিক গৰাকীয়ে কেকৰ নমুনাসহ গোলাঘাট জিলা উপায়ুক্তক এক অভিযোগ দাখিল কৰিছে । জিলা উপায়ুক্ত আৰু সহকাৰী আয়ুক্তই খাদ্য নিৰাপত্তা বিভাগক ঘটনা সন্দৰ্ভত তদন্ত কৰিবৰ বাবে নিৰ্দেশ দিছে । উল্লেখযোগ্য যে, গোলাঘাট নগৰৰ প্ৰায়খিনি বেকাৰী, মিঠাই কাৰখানাসমূহে অস্বাস্থ্যকৰ পৰিবেশত খাদ্য সামগ্ৰী প্ৰস্তুত কৰি আহিছে যদিও খাদ্য সুৰক্ষা বিভাগে এইসমূহ অভিযোগ কেতিয়াও গুৰুত্ব প্ৰদান কৰা নাই । এইক্ষেত্ৰত গোলাঘাট জিলা উপায়ুক্তই এনে সমূহ প্ৰতিষ্ঠানত আকস্মিক পৰিদৰ্শন কৰিলেহে গতি লগাব পাৰিব অসাধু ব্যৱসায়িক ।

লগতে পঢ়ক :ক্ষুদ্ৰ গ্ৰন্থ লিখি অসম বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত ছাত্ৰীৰ নাম


ABOUT THE AUTHOR

...view details