অসম

assam

ETV Bharat / state

শিক্ষা বিভাগৰ নতুন সিদ্ধান্তক লৈ ক্ষোভ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

শেহতীয়াকৈ শিক্ষা বিভাগে লোৱা কিছুমান সিদ্ধান্তক লৈ অসন্তুষ্ট ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি । চৰকাৰে মাতৃভাষা মাধ্যমৰ বিদ্যালয় ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ (SMSS slams Assam govt)। চৰকাৰক সিদ্ধান্ত বাতিল কৰিবলৈ দাবী সংগঠনটোৰ ।

Education
শিক্ষা বিভাগৰ নতুন সিদ্ধান্তক লৈ ক্ষোভ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

By

Published : Sep 9, 2022, 1:22 PM IST

গোলাঘাট,৯ ছেপ্টেম্বৰ :ৰাজ্য চৰকাৰে শিক্ষা বিভাগত লোৱা কেইবাটাও সিদ্ধান্তক লৈ সম্প্ৰতি অসমত বহু প্ৰতিবাদ হোৱা দেখা গৈছে (Assam govt education department new decision)। বিশেষকৈ মাধ্যম বিতৰ্ক আৰু চৰকাৰী বিদ্যালয় বন্ধক লৈ ৰাজ্য কেইবাটাও স্থানত প্ৰতিবাদ হোৱা দেখা গৈছে । এইবাৰ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰান্তীয় সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি । গোলাঘাটত সংবাদমেল সম্বোধন কৰি সংগঠনটোৱে অভিযোগ কৰে যে বৰ্তমানৰ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে মাতৃভাষা মাধ্যমৰ চৰকাৰী শিক্ষাখণ্ড ধ্বংস কৰিবলৈ পদক্ষেপ লৈছে (SMSS press meet against Assam govt)।

শিক্ষা বিভাগৰ নতুন সিদ্ধান্তক লৈ ক্ষোভ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

এই পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰিছে গোলাঘাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । গোলাঘাট জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত ছাত্ৰ সংগঠনটোৰ জিলা সভাপতি আকাশ দাৱে অভিযোগ কৰে যে শেহতীয়াকৈ অসম চৰকাৰৰ কেবিনেটে তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ গণিত আৰু বিজ্ঞান বিষয় ইংৰাজী মাধ্যমত পাঠদান কৰা, অসমীয়া মাধ্যমৰ বিদ্যালয়ত সমান্তৰালভাৱে ইংৰাজী মাধ্যম প্ৰৱৰ্তন কৰা, আদৰ্শ বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ পৰা মাচুল লোৱা, চৰকাৰী বিদ্যালয়সমূহ একত্ৰীকৰণ কৰাকে ধৰি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে ।

যি সময়ত চৰকাৰী বিদ্যালয়সমূহত আন্তঃগাঁথনিৰ উন্নয়ন, শিক্ষকৰ স্থায়ী নিযুক্তি, অপ্ৰাদেশীকৃত বিদ্যালয়সমূহ প্ৰাদেশীকৰণ কৰিব লাগিছিল সেই সময়ত চৰকাৰে সম্পূৰ্ণ অসমীয়া বিদ্যালয় বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে । এনেধৰণৰ সিদ্ধান্ত লোৱাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক তীব্ৰ সমালোচনাও কৰে সংগঠনটোৱে । সংগঠনটোৰ সভাপতিগৰাকীয়ে উল্লেখ কৰা মতে ইতিমধ্যে গোলাঘাট জিলাত বিদ্যালয় একত্ৰীকৰণৰ যোগেদি ১৮ খন প্ৰাথমিক আৰু ৪ খন মাধ্যমিক বিদ্যালয় বন্ধ কৰিছে (Govt schools closed in Assam)।

ছাত্ৰ সংগঠনটোৱে চৰকাৰক অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ শিক্ষা বিৰোধী সিদ্ধান্ত বাতিল কৰাৰ দাবী জনায় । লগতে ১৫ ছেপ্টেম্বৰৰ পৰা প্ৰচাৰ পত্ৰিকা বিতৰণৰ লগতে গণ স্বাক্ষৰ কাৰ্যসূচীৰ জৰিয়তে ৫০ হাজাৰ স্বাক্ষৰেৰে অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত বাতিলৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব বুলিও সংগঠনটোৱে জানিবলৈ দিয়ে । সংবাদমেলত সংগঠনটোৰ কাৰ্যকৰী সভাপতি অৰিন্দম তামুলী, সাধাৰণ সম্পাদক ৰূপম গগৈ আৰু অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক :বিদ্যালয় একত্ৰীকৰণৰ বিৰুদ্ধে আমগুৰিত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details