সৰুপথাৰ,16 মে': অসম নাগালেণ্ডৰ সীমা সমস্যা সমাধান কৰা, উৰিয়ামঘাট আদৰ্শ চিকিৎসালয়খন মুকলিৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা,সৰুপথাৰ পৰা ৰজাপুখুৰী হৈ উৰিয়ামঘাট সংযোগী পথটো পুনৰ নিৰ্মাণ কৰা, সৰুপথাৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ আন্তঃগাঁঠনি উন্নয়নৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা আদি কেইবাদফীয়া সমস্য়া সমাধানৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদকাৰীসকলে গড়কাপ্তানি মন্ত্ৰী হায় হায়, হিমন্ত বিশ্ব শৰ্মা কাম নাই, অসম নাগালেণ্ড সীমা সমস্যা সমাধান কৰিব লাগিবই, ধনশিৰি মহকুমাৰ বাট পথ সমূহ নিৰ্মাণ কৰিব লাগিবই আদি শ্ল'গানেৰে চৌদিশ উত্তাল কৰি তোলে ৷
সৰুপথাৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ - Assam
গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত বৃহস্পতিবাৰে গোলাঘাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।
সৰুপথাৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে বিগত সময়চোৱাত জনসাধাৰণক ভুৱা প্ৰতিশ্ৰুতিৰে আভুৱা ভাৰি অহাৰ অভিযোগ উত্থাপন কৰে ৷ প্ৰতিবাদকাৰীসকলে চৰকাৰক এমাহৰ ভিতৰত সমস্যা সমাধানৰ নকৰিলে ব্যাপক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷