"অসম চুক্তি" দাহেৰে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ - ঐতিহাসিক অসম চুক্তি
বিদেশী বহিষ্কৰণৰ সময়সীমা ১৯৭১ চনৰ পৰিবৰ্তে ১৯৫১ চন কৰাৰ দাবী
"অসম চুক্তি" দাহেৰে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
গোলাঘাট, ১৫ ফেব্ৰুৱাৰীঃ শুকুৰবাৰে গোলাঘাটত ঐতিহাসিক অসম চুক্তিৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদে। "ভাৰত মাতা কি জয়","অসম চুক্তিৰ ৫ নং দফা বাতিল কৰক" ইত্যাদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি সংগঠনটোৱে দাহ কৰে অসম চুক্তিৰ চুক্তিৰ ৫ নং অনুচ্ছেদৰ প্ৰতিলিপি। অসম চুক্তিত উল্লেখ থকা বিদেশী বহিষ্কৰণৰ সময়সীমা ১৯৭১ চনৰ পৰিবৰ্তে ১৯৫১ চন কৰাৰ দাবীত সাব্যস্ত হয় এই প্ৰতিবাদ।