গোলাঘাট, 30 মে': বাতৰিৰ সন্ধানত অৰঙে দৰঙে ঢপলিয়াই ফুৰা সাংবাদিক গৰাকীৰ হঠাৎ স্তব্ধ হৈ পৰিল কেমেৰা আৰু কলম। ২৯ তাৰিখে এক পথ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈ নিয়তিৰ ওচৰত হাৰ মানিলে প্ৰাগ চেনেলৰ সাংবাদিক অমূল্য দত্তই। সাংবাদিক অমূল্য দত্ত কেৱল সাংবাদিকতাৰ লগতে জড়িত নহয়,গোলাঘাট জিলাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতো জড়িত আছিল সাংবাদিক গৰাকী।
২৫ বছৰীয়া সাংবাদিকতা জীৱনৰ অৱসান মৰঙীৰ সাংবাদিক অমূল্য দত্তৰ - গোলাঘাট
বৃহস্পতিবাৰে পুৱা দৈগ্ৰোং নাট্য মন্দিৰত গুণমুগ্ধৰ উপস্থিতিত শেষ বিদায় দিয়া হয় সাংবাদিক অমূল্য দত্তক । আসাম প্ৰেছ ক'ৰেছপণ্ডেন্টছ ইউনিয়ন, গোলাঘাট জিলা সাংবাদিক সংস্থা,সদৌ অসম ছাত্ৰ সন্থা,অসম গণ পৰিষদ আদিয়ে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সাংবাদিকগৰাকীক
বৃহস্পতিবাৰে পুৱা দৈগ্ৰোং নাট্য মন্দিৰত গুণমুগ্ধৰ উপস্থিতিত শেষ বিদায় দিয়া হয় সাংবাদিক গৰাকীক। আসাম প্ৰেছ ক'ৰেছপণ্ডেন্টছ ইউনিয়ন, গোলাঘাট জিলা সাংবাদিক সংস্থা,সদৌ অসম ছাত্ৰ সন্থা,সাহিত্য সভা,দৈগ্ৰোং ব্যৱসায় সন্থা,মৰঙী মহাবিদ্যালয়,ভাৰতীয় জনতা পাৰ্টিৰ মৰঙী মণ্ডল, অসম গণ পৰিষদ আদিয়ে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অমূল্য দত্তক ৷ ‘অসমীয়া খবৰ’ কাকতেৰে নিজৰ সাংবাদিকতাৰ জীৱন আৰম্ভ কৰা অমূল্য দত্ত বৰ্তমান ‘দৈনিক অসম’ আৰু ‘প্ৰাগ নিউজ’ৰ সৈতে জড়িত হৈ সক্ৰিয়তাৰে মৰঙীৰ পৰা সংবাদ পৰিৱেশন কৰি আহিছিল। কেৱল সেয়াই নহয় অঞ্চলটোৰ সাংবাদিকতা ক্ষেত্ৰখনৰ লগতে সামাজিক ক্ষেত্ৰটো বৰঙণি আগবঢ়াই গৈছে সাংবাদিকগৰাকীয়ে । হঠাৎ তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অঞ্চলজুৰি এক শোকাকূল পৰিৱেশৰ সৃষ্টি হৈছে ৷
আৰু পঢ়কঃ গণিতত কেঁচাসকলৰ বাবে সুখবৰ