অসম

assam

গোলাঘাটত ৬ গৰাকী চিকিৎসাকৰ্মীৰ দেহত COVID-19

By

Published : Jul 2, 2020, 5:02 PM IST

COVID-19ত আক্ৰান্ত গোলাঘাট জিলাৰ কমাৰবন্ধা আলি খণ্ড প্ৰাথমিক চিকিৎসালয়ত কৰ্মৰত জ্যোতিষ বৈশ্যৰ সংস্পৰ্শত অহা 6 গৰাকীকৈ চিকিৎসা কৰ্মীৰ দেহত ধৰা পৰিছে COVID-19 ৷

six health workers tested positive in golaghat
six health workers tested positive in golaghat

গোলাঘাট, 2 জুলাইঃ গোলাঘাট জিলাৰ কমাৰবন্ধা আলি খণ্ড প্ৰাথমিক চিকিৎসালয় কৰ্মৰত এগৰাকী লোকৰ দেহত পোৱা গৈছিল COVID-19ৰ অৱস্থিতি ৷ আক্ৰান্ত জ্যোতিষ বৈশ্য নামৰ লোকগৰাকীৰ দেহত কৰ'ণাৰ অৱস্থিতি পোৱাৰ পিচতে, তেওঁৰ সংস্পৰ্শত অহা 6 গৰাকীকৈ চিকিৎসা কৰ্মীৰ দেহতো পোৱা গৈছে COVID-19ৰ অৱস্থিতি ৷ আক্ৰান্ত লোকসকল ক্ৰমে চিকিৎসালয় খনৰ ৰফিকুল ইছলাম, ৰীণা বৈশ্য, চিকিৎসালয় খনৰ সমীপৰ নৰেন হাজৰিকা, চন্দন নগৰৰ সৌৰভ চৌধুৰী, চান্দমাৰীৰ জ্যোতি ৰেখা শইকীয়া আৰু জানপাৰৰ মণিকা দাস ৷

গোলাঘাটত ৬ গৰাকী চিকিৎসাকৰ্মীৰ দেহত COVID-19

আনহাতে গোলাঘাট জিলাত বিগত 24 ঘন্টাৰ ভিতৰত 9 গৰাকী লোকৰ দেহত ধৰা পৰিছে COVID-19 ৷ ইয়াৰ লগে-লগে জিলাখনত আক্ৰান্তপৰ সংখ্যা বৃদ্ধি পাইছে মুঠ 486 গৰাকীলৈ ৷ জিলাখনত বৰ্তমান 110 গৰাকী সক্ৰিয় COVID-19 আক্ৰান্ত লোক থকাৰ বিপৰীতে, 375 গৰাকী লোকে ইতিমধ্যে এই মহামাৰীৰ পৰা আৰোগ্য লাভ কৰিছে ৷ গোলাঘাটত কৰ'ণাৰ সমক্ৰমণ ৰোধৰ বাবে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে চেষ্টা অব্যাহত ৰাখিছে ৷

লগতে পঢ়কঃকৰ’ণা আতংকৰ গ্ৰাসত নলবাৰী

ABOUT THE AUTHOR

...view details