খং উঠিছে মহেন্দ্ৰ হাজৰিকাৰ! - শিল্পী মহেন্দ্ৰ হাজৰিকা
আইনৰ কাষ চাপিছে শিল্পী মহেন্দ্ৰ হাজৰিকা ৷ কাৰণ জগৰ লগাইছে কেইজনমান নৱ প্ৰজন্মৰ ইউটিউবাৰে ৷ সম্প্ৰতি শিল্পীগৰাকীয়ে আইনী ব্যৱস্থা লৈছে ইউটিউবাৰকেইজনৰ ওপৰত ৷
দেৰগাঁও,21 আগষ্টঃ আইনৰ কাষ চাপিছে জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকা । কাৰণ শিল্পীগৰাকীৰ বিনা অনুমতিত শিল্পীগৰাকীৰ বহু গীত কেইজনমান যুৱকে আপলোড কৰিছে ইউটিউবত । শিল্পী জনৰ ফটো আৰু নাম ব্যৱহাৰ কৰি ইউটিউবত গীত আপলোড কৰি যুৱককেইজনে ধন ঘটি থকাৰ অভিযোগ শিল্পীগৰাকীৰ । ইতিমধ্যে এই বিশেষ যুৱক কেইজনৰ ওপৰত শিল্পী মহেন্দ্ৰ হাজৰিকাই গ্ৰহণ কৰিছে আইনী পদক্ষেপ ৷ দেৰগাৱঁত উপস্থিত হৈ সংবাদ মাধ্যমৰ সমুখত এই কথা প্ৰকাশ কৰে শিল্পী গৰাকীয়ে । লগতে জানিবলৈ দিয়ে যে , আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ হ'লেহে নতুন সৃষ্টিৰাজী শ্ৰোতালৈ আগবঢ়াব মহেন্দ্ৰ হাজৰিকাই ৷