গোলাঘাট, 17 জানুৱাৰীঃ শত্ৰুৰাষ্ট্ৰৰ কাৰাগাৰৰ পৰা মুকলি হৈ অৱশেষত স্বদেশৰ নিজ ঘৰত উপস্থিত হ'ল গোলাঘাটৰ মেৰাপানীৰ সীমান্ত শইকীয়াই । পাকিস্তানৰ তিতা-মিঠা অভিজ্ঞতা লগত লৈ মাতৃভূমিলৈ উভতিল অসম সন্তান সীমান্ত ৷ অন্য ২০জন ভাৰতীয় লোকৰ সৈতে সাগৰত মাছ ধৰিবলৈ গৈ সাগৰীয় সীমা উলংঘন কৰাৰ অপৰাধত গুজৰাটৰ উপকূলৰ পৰা পাকিস্তানী নৌসেনাই আটক কৰিছিল অসমীয়া যুৱক সীমান্ত শইকীয়া লগতে অন্য ২০জনক ৷ প্ৰায় ১৪ মাহ সময় পাকিস্তানত কাৰাবন্দী হৈ থকাৰ পিছত এতিয়া মুকলি আকাশৰ তললৈ আহিল সীমান্ত আৰু ২০ জনীয়া দলটো । চিৰ বৈৰী পাকিস্তানৰ কাৰাগাৰৰ পৰা সুস্বাস্থ্যৰে নিজ ভূমিলৈ লৈ অহাৰ বাবে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেদ্দীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে সীমান্তই ৷
অৱশেষত পাকিস্তানৰ জেলৰ পৰা উভতিল মেৰাপানীৰ সীমান্ত শইকীয়া - সীমান্ত শইকীয়াক মুক্তি দিলে পাকিস্তান চৰকাৰে
পাকিস্তানত মোদীৰ মানুহ বুলি কলে মাৰপিট কৰে তাৰ আৰক্ষীয়ে ৷ যদিহে ৰাহুল গান্ধীৰ মানুহ বুলি কোৱা হয় তেন্তে কোনো ভাৰতীয় কয়দীক প্ৰহাৰ নকৰে পাকিস্তানী সেনা বা আৰক্ষীয়ে ৷ এইদৰে পাকিস্তানৰ অভিজ্ঞতাৰ বিষয়ে সদৰী কৰে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰি অহা সীমান্ত শইকীয়াই ।
বিগত ৫ জানুৱাৰীত পাকিস্তানৰ কৰাছীৰ মালিৰ কাৰাগাৰৰ পৰা পাক সৈন্যই ২০ জন ভাৰতীয়ক মুকলি কৰি গটাই দিয়ে ভাৰতীয় সেনাক। ইয়াৰ পাছতেই অন্ধপ্ৰদেশত স্বাস্থ্য পৰীক্ষা নিৰীক্ষা কৰি ঘৰলৈ উভটি আহে সীমান্ত। সীমান্তই আজি ঘৰত উপস্থিত হোৱাৰ পিছতেই দূৰ হয় বহু অনিশ্চয়তা আৰু উদ্বিগ্নতা। সীমান্তৰ ভাষ্য অনুসৰি, পাকিস্তানত নৰেন্দ্ৰ মোদীৰ মানুহ বুলি ক'লে আৰক্ষী তথা সেনাই মাৰপিট কৰিছিল সীমান্তৰ লগতে হিন্দু কয়দীসকলক ৷ আনহাতে ৰহুল গান্ধীৰ কথা ক'লে কয়দীক আক্ৰমণ নকৰে বুলিও জনাই ।
উল্লেখ্য যে, পাকিস্তানৰ পৰা নিজ পুত্ৰক উভটাই আনিবৰ বাবে অসম চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰে সীমান্তৰ পিতৃৰ। বৰঞ্চ অন্ধপ্ৰদেশ তথা ভাৰত চৰকাৰে সীমান্তক কাৰাগাৰৰ পৰা ওলিয়াই অনাত বিশেষভাৱে সহযোগিতা আগবঢ়াইছিল বুলি জানিবলৈ দিয়ে পিতৃয়ে ।
লগতে পঢ়কঃ চেংগাৰৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব দিল্লী উচ্চ ন্যায়ালয়ে