গোলাঘাট, ১৭ জানুৱাৰী:আজী শিল্পী দিৱস । সমগ্ৰ ৰাজ্যজুৰি সোঁৱৰণ কৰা হৈছে ৰূপকোঁৱৰ, অসমীয়া বোলছবিৰ নিৰ্মাতা, গীতিকাৰ, নাট্য়কাৰৰ লগতে লেখক জ্যোতি প্ৰসাদ আগৰৱালাক । দেওবাৰে জ্যোতি প্ৰসাদ আগৰৱালাৰ স্মৃতিত ৰাজ্য়ৰ আকাশ বতাহ মুখৰ হয় ৰূপকোঁৱৰৰ কালজয়ী গীতেৰে । ৰূপকোঁৱৰৰ স্মৃতিত ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয় শিল্পী দিৱস । ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত কেন্দ্ৰীয়ভাৱে গোলাঘাটত উদযাপন কৰা হয় শিল্পী দিৱস ।
গোলাঘাটত কেন্দ্ৰীয়ভাৱে উদযাপন শিল্পী দিৱস - অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত কেন্দ্ৰীয়ভাৱে গোলাঘাটত উদযাপন
অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত কেন্দ্ৰীয়ভাৱে গোলাঘাটত উদযাপন কৰা হয় শিল্পী দিৱস । এই অনুষ্ঠানত যশস্বী শিল্পী নমিতা ভট্টাচাৰ্য আৰু মিচিং কলা কৃষ্টি সাধক ইন্দ্ৰেশ্বৰ পেগুক চৰকাৰৰ সন্মানীয় শিল্পী বঁটা প্ৰদান কৰা হয় ।
গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত আয়োজন কৰা হৈছে এই বিশাল কাৰ্যসূচীৰ । দিনৰ ১ বজাৰ পৰা আৰম্ভ হোৱা এই আড়ম্বৰপূৰ্ণ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যৰ কৃষি আৰু পশু পালন মন্ত্ৰী অতুল বৰা, সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী নৱকুমাৰ দলে আৰু বিধায়কদ্বয় মৃণাল শইকীয়া, ভবেন ভৰালী উপস্থিত থাকে । এই অনুষ্ঠানতে বিশিষ্ট মিচিং কলা-কৃষ্টি সাধক ইন্দ্ৰেশ্বৰ পেগু আৰু বিশিষ্ট কণ্ঠশিল্পী নমিতা ভট্টাচাৰ্যক ২০২১ বৰ্ষৰ অসম চৰকাৰৰ সন্মানীয় শিল্পী বঁটা প্ৰদান কৰা হয় ।
লগতে পঢ়ক:অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ নিযুক্তি