অসম

assam

ETV Bharat / state

কাজিৰঙাত সাত দিনীয়া কাৰ্যসূচীৰে ছিল্ক এণ্ড ডাই ফেষ্টিভেল আৰম্ভ - কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

Kaziranga Silk and Dye Festival: প্ৰাকৃতিক ৰঙৰ সদব্যৱহাৰ কৰি বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আগমণ ঘটা দেশী-বিদেশী পৰ্যটকক আকৰ্ষিত কৰিবলৈ কাজিৰঙাত আৰম্ভ কৰা হৈছে 'চিল্ক এণ্ড ডাই ফেষ্টিভেল' ৷ প্ৰাকৃতিকভাৱে ৰং আহৰণ কৰি তৈয়াৰ কৰা বস্ত্ৰৰ প্ৰদৰ্শন তথা বিক্ৰীৰ ব্যৱস্থাৰে থলুৱা শিপিনীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে কাজিৰঙাৰ আয়ৰা নামৰ অতিথিশালাৰ বাকৰিত আৰম্ভ কৰা হৈছে এই উৎসৱ ৷

Etv BharatSilk and Dye Festival in Kaziranga
Etv Bharatকাজিৰঙাত সাত দিনীয়া কাৰ্যসূচীৰে ছিল্ক এণ্ড ডাই ফেষ্টিভেল আৰম্ভ

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 11:13 AM IST

কাজিৰঙাত সাত দিনীয়া কাৰ্যসূচীৰে ছিল্ক এণ্ড ডাই ফেষ্টিভেল আৰম্ভ

কাজিৰঙা, 21 ডিচেম্বৰ :কাজিৰঙাত 20 ডিচেম্বৰৰ পৰা 26 ডিচেম্বৰলৈ আৰম্ভ হৈছে ছিল্ক এণ্ড ডাই ফেষ্টিভেল ৷ প্ৰাকৃতিক ৰঙৰ সদব্যৱহাৰ কৰি কেনেকৈ কাপোৰ জিলিকাই তুলিব পাৰি এই উদ্দেশ্য লগত ৰাখি দেশী-বিদেশী পৰ্যটকক আকৰ্ষিত কৰিবলৈ কাজিৰঙাত আৰম্ভ কৰা হৈছে 'চিল্ক এণ্ড ডাই ফেষ্টিভেল' ৷ প্ৰাকৃতিকভাৱে ৰং আহৰণ কৰি তৈয়াৰ কৰা বস্ত্ৰৰ প্ৰদৰ্শন তথা বিক্ৰীৰ ব্যৱস্থাৰে থলুৱা শিপিনীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে কাজিৰঙাৰ আয়ৰা নামৰ অতিথিশালাৰ বাকৰিত আৰম্ভ কৰা হৈছে এই উৎসৱ ৷ 20 ডিচেম্বৰৰ পৰা অহা 26 ডিচেম্বৰলৈকে 7 দিনীয়াকৈ অনুষ্ঠিত হ’ব এই বিশেষ অনুষ্ঠানটো ৷

বুধবাৰে সন্ধিয়া NEDFIৰ মুখ্য পৰিচালন সঞ্চালক পি ভি এচ এল এন মূৰ্তি আৰু জনমভূমি জনকল্যাণ গ্ৰুপৰ সঞ্চালক সুব্ৰত শৰ্মাই যৌথভাৱে বন্তি প্ৰজ্বলন কৰি এই অনুষ্ঠানটো আনুষ্ঠানিকভাৱে মুকলি কৰে ৷ বিগত 2015 বৰ্ষৰ পৰা প্ৰতিবছৰে প্ৰাকৃতিকভাৱে ৰং আহৰণ কৰি তৈয়াৰ কৰা বস্ত্ৰৰ প্ৰদৰ্শন তথা বিক্ৰীৰ ব্যৱস্থাৰে থলুৱা শিপিনীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে এই অনুষ্ঠান উদযাপিত হৈ আহিছে ৷ ক’ভিড পৰিস্থিতিৰ বাবে বিগত তিনিটা বৰ্ষ এই অনুষ্ঠান স্থগিত আছিল ৷ এইবৰ্ষত পুনৰ “চিল্ক এণ্ড ডাই ফেষ্টিভেল” আয়োজন কৰে ৷

গায়ন বায়নেৰে আৰম্ভ হোৱা উৎসৱটিত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ 6 খন ৰাজ্যৰ 25 খন হস্ত-তাঁত বস্ত্ৰৰ লগতে থলুৱা সামগ্ৰীৰ বিপণীয়ে অংশগ্ৰহণ কৰিছে ৷ উল্লেখ্য যে, প্ৰতিবছৰে অক্টোবৰ মাহৰ পৰা আৰম্ভ হোৱা কাজিৰঙাৰ পৰ্যটন বৰ্ষত বিশেষকৈ ডিচেম্বৰ মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ বিভিন্ন দেশী-বিদেশী পৰ্যটকৰ ভিৰ হয় ৷

উদ্যোক্তাসকলে সংবাদ মাধ্যমক জনায় যে, এই অনুষ্ঠানতে কাজিৰঙাৰ বিভিন্নগৰাকী শিপিনীক প্ৰাকৃতিক ৰং আৰু অসমৰ ইণ্ডিগ’ ৰঙৰ ব্যৱহাৰৰ প্ৰশিক্ষণ দিয়া হ’ব ৷ নেডফিৰ সঞ্চালকগৰাকীয়ে জনায় যে, কাজিৰঙাৰ থলুৱা শিপিনীসকলক অনাগত দিনত বিভিন্ন প্ৰশিক্ষণ প্ৰদানৰ বাবে ব্যৱস্থা কৰা হ’ব ৷ এই অনুষ্ঠানত পৰ্যটকৰসকলৰ বাবে আয়ৰা কৰ্তৃপক্ষই বিহু আৰু ঝুমুৰ নৃত্য প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে ৷

লগতে পঢ়ক:মঙলদৈ গ্ৰন্থমেলা-২০২৩ উদ্বোধন কৰিলে পদ্মশ্ৰী সূৰ্যকান্ত হাজৰিকাই

ABOUT THE AUTHOR

...view details