বোকাখাত, 15 মে’: দেশ জোঁকাৰি যোৱা অভি-নীল হত্যাকাণ্ডৰ পাহৰিব পৰা নাই কোনেও (Mob lynching incident at Karbi Anglong)৷ সেই অভি-নীলৰ জীৱনক লৈ নিৰ্মাণ কৰা এখন চুটি ছবি নিৰ্মাণ কৰি চৰ্চিত হৈছে এজন বিশেষভাৱে সক্ষম যুৱক (Short film on Abhi Neel case)৷ যুৱকজনে নিৰ্মাণ কৰা ছবিখন প্ৰদৰ্শিত হ'ব সুদুৰ ফ্ৰান্সৰ পেৰিচত ৷ বিশেষভাৱে সক্ষম এই যুৱকজনৰ নাম বোকাখাতৰ ভাস্কৰজ্যেতি ৰাজখোৱা ৷ অভি-নীলৰ জীৱনক লৈ নিৰ্মাণ কৰা নিৰ্মিত চুটি ছবিখনৰ নাম MMS ৷
অভি-নীল হত্যাকাণ্ডৰ লগতে বহু হৃদয়স্পৰ্শী বাস্তৱ কাহিনীৰ ওপৰত চুটি ছবি নিৰ্মাণেৰে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা বোকাখাতৰ ভাস্কৰজ্যোতি ৰাজখোৱাই নিৰ্মাণ কৰা আন এখন চুটি ছবি MMS ইতিমধ্যে ফ্ৰান্সৰ পেৰিচত অনুষ্ঠিত হ’বলগীয়া Film Award ৰ বাবে মনোনীত হৈছে (Assamese short film in Paris)৷ চলিত বৰ্ষৰ ৩০ জুনৰ পৰা ৩ জুলাইলৈ ফ্ৰান্সৰ পেৰিচৰ ৰেইমছ চহৰত অনুষ্ঠিত হ’বলগীয়া ছবি প্ৰদৰ্শনীৰ লগতে বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকিবলৈ ইতিমধ্যে আমন্ত্ৰণ লাভ কৰিছে বোকাখাতৰ উদীয়মান যুৱক তথা ছবিখনৰ নিৰ্মাতা ভাস্কৰজ্যোতি ৰাজখোৱাই ৷