গোলাঘাট, 24 আগষ্ট: গোলাঘাটৰ এৰেঙাপাৰত 21 আগষ্টত এজন বৃদ্ধ ব্যৱসায়ীক ৰডেৰে প্ৰহাৰ কৰে এখন দোকান গৃহৰ গৰাকীয়ে । হাতত ৰড লৈ দোকানত প্ৰৱেশ কৰি দোকানৰ চাটাৰ বন্ধ কৰিবলৈ দি দোকান গৃহৰ মালিকসহ তিনিজনে প্ৰহাৰ কৰে বৃদ্ধ ব্যৱসায়ীজনক ।
উল্লেখ্য যে, গোলাঘাট নগৰৰ এৰেঙাপাৰাত থকা দোকান গৃহটোৰ মালিক ৰাজুমণি শৰ্মাই বিগত 20-25 বছৰৰ পৰা নগৰৰে সুশীল চন্দ্ৰ জৈনক বৈদ্যুতিক দোকান চলাবলৈ ভাড়াত দি আহিছে । বহু বছৰ এই দোকান সুকলমে চলি থকাৰ পাচত লক্ ডাউনৰ সময়ৰ পৰাই আৰম্ভ হয় বেমেজালিৰ । সমগ্ৰ ঘটনা CCTV কেমেৰাত বন্দী হৈছিল ৷
ৰাজুমণি শৰ্মাই দোকানখনৰ ভাড়া সন্দৰ্ভত নতুনকৈ চুক্তি কৰিব বিচাৰিছিল । কিন্তু চুক্তি পত্ৰখনত পূৰণ কৰিব নোৱাৰা কেতবোৰ সিদ্ধান্তৰ বাবে ব্যৱসায়ীজনে এই নতুন চুক্তি মানি লোৱা নাছিল । ইয়াৰ পাচতে ৰাজুমণি শৰ্মাই পুত্ৰসহ তিনিজনৰ সৈতে ওচৰৰে এখন দোকানৰ পৰা হাতত ৰড লৈ দোকানখনত প্ৰৱেশ কৰে ৷
ব্যৱসায়ীক ৰডেৰে প্ৰহাৰ কৰি আটক দোকান গৃহৰ মালিক দোকানত সোমায়েই চাটাৰ বন্ধ কৰিবলৈ চিঞৰ-বাখৰ কৰি বৃদ্ধ ব্যৱসায়ীজনক ৰডেৰে উপৰ্যুপৰি প্ৰহাৰ কৰা বুলি জানিব পৰা গৈছে । অৱশ্যে লগত থকা এজনে বাধা প্ৰদান কৰাত কোনোমতে প্ৰাণ ৰক্ষা পৰে ব্যৱসায়ীজন ।
আনহাতে গোলাঘাটৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই জনোৱা মতে, ব্যৱসায়ী সুশীল জৈনে 26 মাহে দিয়া নাছিল দোকান ঘৰৰ ভাড়া । ইয়াৰোপৰি, ৰাজুমণি শৰ্মা সৈতে ভাড়াতীয়া ব্যৱসায়ী সুশীল জৈন কোনো ধৰণৰ চুক্তি হোৱা নাছিল । ৰাজুমণি শৰ্মাৰ শশী প্ৰভা নামৰ মহিলা এগৰাকী সৈতেহে চুক্তি হৈছিল । ব্যৱসায়ী সুশীল জৈনৰ শশী প্ৰভাৰ সৈতে আছিল ব্যৱসায়িক যোগসূত্ৰ ।
উক্ত ঘটনা সন্দৰ্ভত 23 আগষ্টত মালিকৰ বিৰুদ্ধে ব্যৱসায়ীজনে গোলাঘাট আৰক্ষী থানাত গোচৰ ৰুজু কৰাত দুঘণ্টা সময়ৰ পাচতে এজন লোকক আটক কৰে আৰক্ষীয়ে ৷ সম্প্ৰতি সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷
লগতে পঢ়ক:বাইহাটাৰ ডাকঘৰত চোৰৰ সন্ত্ৰাস