অসম

assam

By

Published : Apr 2, 2021, 10:20 PM IST

ETV Bharat / state

অসম আন্দোলনৰ সপ্ত শ্বহীদক স্মৰণ

গাৰ নোম শিহৰি উঠা ১৯৮৩ চনৰ এটা কলা দিন ৷ অভিশপ্ত দিনটো আজিও মনত পৰিলে‍ খঙত অগ্নিশর্মা হৈ পৰে গাঁৱবাসী ৷ ২ এপ্ৰিলৰ আজিৰ দিনটোতে সাতজনকৈ লোকক শাৰি পাতি গুলিয়াই হত্যা কৰিছিল এটা দুস্কৃতিকাৰী দলে ৷ অসম আন্দোলনৰ অতি শিহৰণকাৰী দিনটোক মনত পেলাই ৩৯ সংখ্যক সপ্ত শ্বহীদ দিৱস সোঁৱৰণ নুমলীগড়ৰ পংকা গাঁওবাসী আৰু ছাত্ৰ সংগঠনৰ ৷

অসম আন্দোলনৰ সপ্ত শ্বহীদক স্মৰণ
অসম আন্দোলনৰ সপ্ত শ্বহীদক স্মৰণ

গোলাঘাট,2 এপ্ৰিলঃ ২ এপ্ৰিলটো হ’ল অসম আন্দোলনৰ এক বিশেষ দিন ৷ আজিৰ এই অভিশপ্ত দিনটোতে শ্বহীদ হৈছিল নুমলীগড়ৰ পংকা গাঁৱৰ সাতজনকৈ লোকৰ ৷ জাতিতকৈ কোনো দিশ উর্দ্ধত নহয় তাক প্ৰতিপন্ন কৰি পংকাৰ সাতজনৈ লোকে দুস্কৃতিৰ হাতত প্ৰাণ বিসর্জ্জন দিছিল আজিৰ দিনটোতে ৷ সেই কলা দিনটোৱে আজিও আমনি কৰে পংকা বাসীক ৷ চাৰিজনকৈ সুঠাম ডেকা আৰু তিনিগৰাকী বৃদ্ধক গুলীয়াই হত্যা কৰিছিল চৰকাৰীৰ এটা যন্ত্ৰই ৷

অসম আন্দোলনৰ সপ্ত শ্বহীদক স্মৰণ

চৰকাৰী সুৰক্ষাৰ দায়িত্বত থকা এটা বিভাগৰ প্ৰতি আজি উমি উমি‍ অভিযোগৰ জুই প্ৰতিফলিত হয় গাঁওবাসীৰ মনত ৷ ২ এপ্ৰিল তাৰিখে পংকা গাঁৱৰ তীখৰ চন্দ্ৰ বৰুৱা, ভদ্ৰেশ্বৰ শইকীয়া, হৰেণ শইকীয়া, জিতেন শইকীয়া, তিলেশ্বৰ হাজৰীকা, ৰেৱকান্ত শইকীয়া, মণিৰাম শইকীয়াক শাৰীপাতি গুলীয়াই হত্যা কৰিছিল দুস্কৃতিকাৰী দলটোৱে ৷ তেতিয়াৰ পৰাই আজি এই বিশেষ দিনটো স্মৰণীয়া হৈ আছে গাঁও বাসীৰ ৷ গাঁৱত সোমাই যিদৰে আত্মীয় কুটুমক হত্যা কৰিছিল দুস্কৃতিকাৰীয়ে‍, আজিও সেই প্ৰতিশোধৰ জোৱাঁৰ শাম কটা নাই গাঁও বাসীৰ মনত ৷

শুকুৰবাৰে মৰঙী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত পংকা শাখা ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজৰ সহযোগত সপ্ত শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰি হৰি নামৰ ধ্বনিৰে শ্বহীদ কেইগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে সোঁৱৰণ কৰা দেখা যায়।

লগতে পঢ়কঃ পীযুষ হাজৰিকাৰ উদ্ধতালি: ফোনযোগে সাংবাদিকক ভাবুকি

ABOUT THE AUTHOR

...view details