গোলাঘাট, 14 মে' :লক্ ডাউনৰ মাজতেই বৃহস্পতিবাৰে গোলাঘাটৰ ফৰকাটিঙত এক নৃশংস হত্যাকাণ্ড সংঘটিত হয় ৷ পূৰ্ণ শইকীয়া নামৰ ব্যক্তি জনক পতাগুটিৰে মৰিয়াই হত্যা কৰাৰ অভিযোগ খগেন কালিন্দী নামৰ ব্যক্তি জনৰ বিৰুদ্ধে ।
সুৰাপান কৰি ভগ্নীক অশালীন ব্যৱহাৰ কৰাৰ বাবেই খগেন কালিন্দীয়ে পূৰ্ণ শইকীয়াক হত্যা কৰে বুলি খগেন কালিন্দীৰ ভগ্নীয়ে স্বীকাৰ কৰে ৷