তিতাবৰ,২০ অক্টোবৰ :অসমত বৰ্তমানেও বহু শিক্ষিত যুৱক-যুৱতীয়ে চৰকাৰী চাকৰিৰ নামত দৌৰি ফুৰিছে । বহু মূল্যবান সময় চাকৰিৰ নামত নষ্ট কৰা দেখা গৈছে । কিন্তু তাৰ মাজতে একাংশ শিক্ষিত যুৱত-যুৱতীয়ে আকৌ চৰকাৰী চাকৰিলৈ বাট চাই নাথাকি স্বাৱলম্বিতাৰ অন্য পথ বিচাৰি উলিয়াইছে । কৃষি, ব্যৱসায় আদিৰ জৰিয়তে বহু শিক্ষিত নিবনুৱা স্বাৱলম্বী হোৱাৰ লগতে আনকো সংস্থাপন দিবলৈ সক্ষম হৈছে । তেনে উদাহৰণ অসমত বহু আছে ।
অসম-নাগালেণ্ড সীমান্তৰ গোলাঘাট জিলাৰ মেৰাপানীৰ এগৰাকী শিক্ষিত যুৱতী শেহতীয়াকৈ সামাজিত মাধ্যমত চৰ্চিত হৈছিল । গীতাঞ্জলি শইকীয়াৰ কথা হয়তো আপোনাৰো মনত আছে । এটা সময়ত নিজৰ পৰিয়াল পোহপাল দিবৰ বাবে ২০১৮ চনত ঘৰৰ সন্মুখতে আৰম্ভ কৰিছিল এখন পকৰিৰ দোকান । পৰৱৰ্তী সময়ত ঘৰত খেতি কৰি বজাৰে বজাৰে শাক-পাচলি আৰু বীজ, গছৰ পুলি বিক্ৰী কৰি ফুৰিছিল পৰিশ্ৰমী গীতাঞ্জলি শইকীয়াই (Viral girl Geetanjali)।
আনকি এই পৰিশ্ৰমৰ জৰিয়তে প্ৰতিষ্ঠাও লাভ কৰিবলৈ সক্ষম হৈছে গীতাঞ্জলি শইকীয়া । শেহতীয়াকৈ তেওঁ নাইট কুইন নামেৰে এখন নাৰ্চাৰীও আৰম্ভ কৰিছিল (Entrepreneur Geetanjali starts nursery in Merapani)। উচ্চ শিক্ষিত যুৱতীগৰাকীৰ এই কৰ্মৰাজিক বহুতে প্ৰশংসাও কৰিছে । আনকি তেওঁক সহায়ৰ বাবে অসম চৰকাৰৰ কৃষি বিভাগো আগবাঢ়ি আহিছিল ।