গোলাঘাট, 13 নৱেম্বৰ : গোলাঘাট জিলাৰ কৃষকলৈ সু খবৰ । গোলাঘাট জিলা কৃষি বিভাগৰ পৰা বিতৰণ কৰা হৈছে খেতিৰ উপযোগী বীজ । যদিহে খেতিৰ উপযোগী মাটি আছে তেনেহ'লে কৃষকসকলে গোলাঘাট কৃষি বিভাগৰ কাৰ্যালয়ৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে গোলাঘাট জিলা কৃষি বিষয়া নবীন চন্দ্ৰ বৰাই ।
গোলাঘাট জিলাৰ কৃষকক বীজ বিতৰণ কৃষি বিভাগৰ
গোলাঘাট জিলাৰ কৃষকক বীজ বিতৰণ কৃষি বিভাগৰ ৷ খেতিৰ উপযোগী মাটি থাকিলে গোলাঘাট কৃষি বিভাগৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জিলা কৃষি বিষয়া নবীন চন্দ্ৰ বৰাৰ ৷
গোলাঘাট জিলাৰ কৃষকক বীজ বিতৰণ কৃষি বিভাগৰ
আনহাতে, একাংশ লোকে খেতিৰ বাবে আগবঢ়োৱা বীজসমূহ খোৱাৰ বাবে ব্যৱহাৰ কৰে । কিন্তু খেতিৰ বাবে আগবঢ়োৱা বীজসমূহ নাখাবলৈ আহ্বান জনাইছে কৃষি বিষয়াগৰাকীয়ে । এই বীজসমূহ সেৱন কৰিলে মাৰাত্মক বিপদৰ সন্মুখীন হ'ব পাৰে বুলি মন্তব্য কৰে বিষয়াগৰাকীয়ে । জিলাখনলৈ পৰ্যাপ্ত পৰিমাণৰ বীজ নহা বাবে একাংশ কৃষকে এই সুবিধা লাভ কৰা নাই বুলিও জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে ।
লগতে পঢ়ক :ডিব্ৰুগড়ৰ দীপকে জৈৱিক কৃষি কৰ্মৰে দেখুৱাইছে উৎকৃষ্ট নিদৰ্শন