বোকাখাত, 11 অক্টোবৰ :দুৰ্গাপূজাৰ উপলক্ষে অধিক সতৰ্কতা অৱলম্বন কৰিছে বোকাখাত আৰক্ষীয়ে ৷ ইতিমধ্যে গোলাঘাট জিলা প্ৰশাসনৰ ফালৰ পৰা জিলাখনত 144 ধাৰা জাৰি কৰিছে ৷ সেই অনুসৰি অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে বোকাখাত যান-বাহন আৰক্ষীয়ে ৷
144 ধাৰা অনুসৰি দুচকীয়া বাহনত মহিলা আৰু 15 বছৰৰ তলৰ শিশুৰ বাহিৰে দুজন উঠাত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, যি সকলে জাৰি কৰা বিধি উলংঘন কৰিছে সেই সকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ ইতিমধ্যে দুজন উঠি অহা প্ৰায় ৭০ খন দুচকীয়া বাহন জব্দ কৰিছে বোকাখাত যান-বাহন আৰক্ষীয়ে ৷