অসম

assam

ETV Bharat / state

লণ্ডনৰ পৰা গোলাঘাটলৈ অহা দম্পতিৰ শৰীৰত ক'ভিড-19ৰ অৱস্থিতি

পুনৰ ক'ৰণাৰ আতংকত আতংকিত গোলাঘাটবাসী ৷ লণ্ডনৰ পৰা গোলাঘাটৰ পিতৃ গৃহলৈ অহা দম্পতিৰ শৰীৰত ক'ৰণাৰ অৱস্থিতি ৷ তৎপৰ হৈছে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগ ৷

By

Published : Dec 28, 2020, 1:54 PM IST

Updated : Dec 28, 2020, 2:06 PM IST

second wave of corona starts in golaghat
লণ্ডনৰ পৰা গোলাঘাটলৈ অহা দম্পতীৰ শৰীৰত ক'ভিড-19 ৰ অৱস্থিতি

গোলাঘাট, 28 ডিচেম্বৰ:লণ্ডনৰ পৰা গোলাঘাটৰ পিতৃগৃহলৈ অহা এক দম্পতীৰ শৰীৰত ক'ভিড-19 ৰ অৱস্থিতি ধৰা পৰাৰ পাছতে পুনৰ ক'ৰণা অতিমাৰীৰ আতংকত ভুগিছে গোলাঘাটৰ ৰাইজ ৷ লণ্ডনৰ পৰা গোলাঘাটৰ পিতৃ গৃহলৈ অহা জনৈক আগৰৱালা উপাধিৰ এক দম্পতিৰ দেহত কভিড -19 ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ৷ এই ঘটনাৰ পাছতে এতিয়া তৎপৰ হৈ উঠিছে গোলাঘাট প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগ ৷

পুনৰ ক'ৰণাৰ আতংকত আতংকিত গোলাঘাটবাসী

উল্লেখ্য যে কিছুদিন পূৰ্বে প্ৰায় ক'ৰণা শূন্য হৈছিল গোলাঘাট জিলা । ক'ভিডৰ অৱস্থিতি ধৰা পৰাৰ পাছতে আগৰৱালা দম্পতীক দেওবাৰে নিশাই উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয় লৈ প্ৰেৰণ কৰা হয় ৷ ইয়াৰ পাছতে আগৰৱালা দম্পতীৰ সংস্পৰ্শলৈ অহা লোকসকলৰ বাবে স্বাৱ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে।

লগতে পঢ়ক:আজি অসমকে ধৰি চাৰি ৰাজ্যত পৰীক্ষণমূলক ক'ভিড প্ৰতিষেধক অভিযান

Last Updated : Dec 28, 2020, 2:06 PM IST

ABOUT THE AUTHOR

...view details