গোলাঘাট , ২১ মাৰ্চ : গোলাঘাটৰ দক্ষিণ প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনস্থ সৰুপথাৰ নলনী মধ্য ইংৰাজী বিদ্যালয়। এই বিদ্যালয়খনত বিগত ২৮ বছৰে বিনা বেতনে শিক্ষকতা কৰি বৃহস্পতিবাৰে অৱসৰ গ্ৰহণ কৰে এগৰাকী শিক্ষয়ত্ৰীয়ে ।
28 বছৰে বিনা বেতনে শিক্ষকতা কৰি অৱসৰ গ্ৰহণ এগৰাকী শিক্ষয়িত্ৰীৰ - শিক্ষয়ত্ৰী
মানুহ গঢ়াৰ কমাৰশালত সেৱা আগবঢ়াই নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত এগৰাকী শিক্ষয়িত্ৰীৰ কাহিনী এয়া ৷ 28 বছৰে শিক্ষকতা কৰি লাভ নকৰিলে এটকাও দৰমহা ৷
গোলাঘাটৰ সৰুপথাৰৰ অতিকৈ পিছপৰানলনীপথাৰ গাঁৱত স্থাপিত এই বিদ্যালয়খন। ১৯৯০ চনত স্থাপিত বিদ্যালয়খন অসম চৰকাৰে শেহতীয়াকৈ স্বীকৃতি প্ৰদান কৰিলে যদিও বিদ্যালয়খন প্ৰাদেশিকীকৰণ কৰা নহ'ল । যাৰ ফলত এই পৰ্যন্ত বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ চাকৰি নিয়মীয়াকৰণ ন'হল । বিদ্যালয় খনৰ এগৰাকী সহকাৰী শিক্ষয়ত্ৰী সাবিত্ৰী কুৰ্মীয়ে বিগত ২৮ বছৰে দৰমহা নোপোৱাকৈ শিক্ষকতা কৰি অৱশেষত বৃহস্পতিবাৰে অৱসৰ গ্ৰহণ কৰে । সেয়ে বিদ্যালয় খনৰ পৰিচালনা সমিতিয়ে শিক্ষয়ত্ৰী গৰাকীক বিদায় সম্বৰ্ধনা জনায়। এই বিদায় সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষয়ত্ৰী গৰাকী আবেগিক হৈ পৰে । বিগত সময়ছোৱাত প্ৰত্যেক খন চৰকাৰে বিদ্যালয় প্ৰাদেশিকীকৰণ কৰাৰ নামত আশ্বাস আৰু প্ৰতিশ্ৰুতি দি কেৱল প্ৰতাৰণা কৰি আহিছে । সেয়ে বিনা বেতনে ২৮ বছৰে শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰা শিক্ষয়ত্ৰী সাবিত্ৰী কুৰ্মীয়ে বিদ্যালয় খন চৰকাৰীকৰণ কৰি শিক্ষক শিক্ষয়িত্ৰীৰ চাকৰি নিয়মীয়াকৰণ কৰিবৰ বাবে চৰকাৰলৈ আহ্বান জনায় ।