গোলাঘাট, 1 ফেব্ৰুৱাৰী :অসম চৰকাৰৰ সৰ্বাংগীন উন্নয়নৰ শ্লোগান তথা আঁচনিয়ে স্পৰ্শ কৰিব নোৱাৰা গোলাঘাটৰ এটা বিশেষ অঞ্চল ৷ স্বাধীনতাৰ 73 বছৰ পাৰ হৈ যোৱাৰ পাছতো তথা দেশে উন্নয়নৰ দিশে আগুৱাই যোৱাৰ পাছতো ৰজাঘৰীয়াৰ চূড়ান্ত অৱহেলাৰ সাক্ষী হৈ ৰৈছে গোলাঘাট জিলাৰ খুমটাইৰ বৰুৱাখাট 8 নং লাইন নামৰ এই অঞ্চলটো ৷
এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে এতিয়াও হাহাকাৰ কৰিব লাগে অঞ্চলটোত বসবাস কৰা ৰাইজে ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিয়ে আজিকোপতি ঢুকি পোৱা নাই উক্ত অঞ্চলটো ৷ খুমটাই চাহ বাগিচা কৰ্তৃপক্ষৰ ফালৰ পৰা পানী যোগান ধৰিছে যদিও সেই অভাৱ পূৰণ কৰাত ব্যৰ্থ হৈছে বাগিচা কৰ্তৃপক্ষ ৷