অসম

assam

ETV Bharat / state

ঐতিহ্যমণ্ডিত নেঘেৰিটিং শিৱদ'লত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা

বৃহস্পতিবাৰে গোলাঘাট জিলাৰৰ দেৰগাঁৱস্থিত নেঘেৰিটিং শিৱদ'লত উপস্থিত হয় হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা। শিৱ মন্দিৰত সেৱা জনাই বৰাই কেতবোৰ বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে ৷

satyaranjan-bora-reaction-after-atul-pasonis-statement
ঐতিহ্যমণ্ডিত নেঘেৰিটিং শিৱদ'লত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা

By

Published : Jan 7, 2021, 7:05 PM IST

গোলাঘাট,7 জানুৱাৰী : দেৰগাঁৱৰ ঐতিহ্যমণ্ডিত নেঘেৰিটিং শিৱদ'লত বৃহস্পতিবাৰে উপস্থিত হয় হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা। শিৱ মন্দিৰত সেৱা জনাই সংবাদ মাধ্যমৰ সন্মুখত কেতবোৰ বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে সত্যৰঞ্জন বৰাই। কৌতুক অভিনেতা অতুল পাচনিৰ মন্তব্যৰ সন্ধৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অতুল পাচনিয়ে নিজৰ জীয়ৰিৰ বাবে ইছলামৰ সপক্ষে মাত মাতিছে বুলি বিস্ফোৰক মন্তব্য় কৰে সত্যৰঞ্জন বৰাই।

ঐতিহ্যমণ্ডিত নেঘেৰিটিং শিৱদ'লত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা

উল্লেখ্য যে,বুধবাৰে অভিনেতা অতুল পাচনিয়ে সত্যৰঞ্জনে ভাই-ভাইৰ মাজত বিভেদ সৃষ্টি কৰিছে। সময়ৰ আহ্বানত সত্যৰঞ্জন বৰাই চানক্যৰ নীতি গ্ৰহণ কৰি ২১ ৰ নিৰ্বাচনত প্ৰতিদ্বণ্ডিতা কৰিব পাৰে বুলিও মন্তব্য কৰিছিল ।

লগতে পঢ়ক: অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ এটা সফল বর্ষ ২০২০

ABOUT THE AUTHOR

...view details