টিংখাং, 20 নৱেম্বৰ:টিংখাঙৰ ৰাজগড়ত শুকুৰবাৰে উলহ মালহেৰে উদযাপন কৰা হয় ষট পূজা । ৰাজগড় ঐতিহাসিক শ্ৰী শ্ৰী যুটীয়া আই থানৰ উদ্যোক্তাসকলে আয়োজন কৰে এই পূজা । ষট পূজা উপলক্ষে বিয়লি ঐতিহ্যমণ্ডিত যুটীয়া আই থানৰ পুখুৰীত ব্ৰত ৰখা পৰিয়ালসমূহৰ ভক্তপ্ৰাণ লোকে পৰিয়ালৰ কুশল মংগল কামনা কৰি পৰম্পৰাগত নীতি নিয়মৰ মাজেৰে পূজাস্থলীত সূৰ্য্য দেৱতালৈ নৈবেদ্য আগবঢ়ায় ।
টিংখাঙৰ ঐতিহাসিক শ্ৰী শ্ৰী যুটীয়া আই থানত ষট পূজা পালন - যুৰীয়া আই থান
সূৰ্যদেৱতাক আৰাধনা কৰা দৃশ্য চাবৰ বাবে টিংখাঙৰ বিভিন্ন ঠাইৰ পৰা ৰাইজ সেই স্থানত সমবেত হোৱাত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় যুৰীয়া আই থান প্ৰাংগণ ।
টিংখাঙৰ ঐতিহাসিক শ্ৰী শ্ৰী যুটীয়া আই থানত ষট পূজা পালন
যুটীয়া আই থানৰ পুখুৰীত পুৰুষ-মহিলাসকলে হাতে হাতে চাকি,ধূপ-ধূনা জ্বলাই ফল-মূলৰ শৰাই আগবঢ়াই সূৰ্যদেৱতাক আৰাধনা কৰে। সূৰ্যদেৱতাক আৰাধনা কৰা দৃশ্য চাবৰ বাবে টিংখাঙৰ বিভিন্ন ঠাইৰ পৰা ৰাইজ সেই স্থানত সমবেত হোৱাত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় যুৰীয়া আই থান প্ৰাংগণ । অৱশ্যে চৰকাৰী নীতি নিৰ্দেশনা মানি ভক্তসকলে পালন কৰে ষট পূজা ।
লগতে পঢ়ক: যোৰহাটত এটা দৰিদ্ৰ পৰিয়ালক গৃহ দান কৰিলে বিৰাজ হাজৰিকাই