বৰপথাৰত নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন - বনবিভাগ আৰু আৰক্ষী উপস্থিত হৈছে
আঘাতপ্ৰাপ্ত নিতুল বৰা নামৰ যুৱকজনক বৰপথাৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰাৰ পিচত উন্নত চিকিৎসাৰ কাৰণে গোলাঘাটলৈ প্ৰেৰণ কৰা হয় ৷

বৰপথাৰৰ ৰতনপুৰত নাহৰফুটুকী বাঘৰ আক্ৰমণত এজন যুৱক গুৰুতৰভাৱে আহত
সৰুপথাৰ 20 এপ্ৰিল: ধনশিৰি মহকুমাৰ বৰপথাৰৰ ৰতনপুৰ ধোন্দাচামত আজি এটা নাহৰফুটুকী বাঘৰ আক্ৰমণত এজন যুৱক গুৰুতৰভাৱে আহত হয় ৷ মূৰ, হাত আৰু ভৰিত আঘাতপ্ৰাপ্ত নিতুল বৰা নামৰ যুৱকজনক বৰপথাৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰাৰ পিচত উন্নত চিকিৎসাৰ কাৰণে গোলাঘাটলৈ প্ৰেৰণ কৰা হয় ৷ ইতিমধ্যে ঘটনাস্থলীত বনবিভাগ আৰু আৰক্ষী উপস্থিত হৈছে নাহৰফুটুকীটোৱে এটা ছাগলী আক্ৰমণ কৰাৰ পিছত ৰাইজে খেদি যাওতেই যুৱকজনক আক্ৰমণ কৰে ৷
বৰপথাৰত নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন